এয়াৰটেলে তীব্ৰতৰ বাউজিং গ্ৰাহকক প্ৰদান কৰিছে

0 183

ভাৰতী এয়াৰটেলে (“এয়াৰটেল”) আজি ঘোষণা কৰে যে তেওঁলোকে ২০২৪ চনৰ জুলাই মাহত অধিগ্ৰহণ কৰা অতিৰিক্ত স্প্রেকট্ৰাম নিয়োগ সম্পূৰ্ণ কৰিছে। অসমত ১৮০০ বেণ্ডত ৫ মেগাহাৰ্টজ আৰু অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত ২১০০ বেণ্ডত ৫ মেগাহাৰ্টজকৈ অতিৰিক্ত স্প্রেকট্ৰাম সম্প্ৰসাৰণে এয়াৰটেলৰ ৫জি/৪জি নেটৱৰ্কৰ সামৰ্থ্য বৃদ্ধি কৰিব, চহৰ তথা গাৱলীয়া অঞ্চল সমূহকে সামৰি ডাটাৰ গতি আৰু উন্নতমানৰ ক’ভাৰেজে ঘৰ তথা অট্টালিকা সমূহকো সামৰি ল’ব।
কোম্পানীটোৱে অধিগ্ৰহণ কৰা অতিৰিক্ত স্প্রেকট্ৰামৰ নিয়োগ এতিয়া সম্পূৰ্ণ হৈছে যাৰ ফলস্বৰূপে অসমকে সামৰি মিজোৰাম, ত্ৰিপূৰা , নাগালেন্ড, মনিপূৰ, মেঘালয় আৰু অৰুনাচল প্ৰদেশৰ গ্ৰাহক সকলেও ইয়াৰ উন্নতমানৰ ভইচ আৰু ডাটা সেৱাৰ লাভালাভ উপভোগ কৰিবলৈ সক্ষম হব।
অতিৰিক্ত স্প্রেকট্ৰাম নিয়োগৰ ফলত এয়াৰটেলয়ে ঘাইপথ তথা ৰেলপথ ৰ উপৰিও গাওঁ অঞ্চলৰ একেবাৰে ভিতৰতো নিজৰ বিস্তৃত ক’ভাৰেজ তিব্ৰভাৱে নিক্ষেপ কৰিবলৈ সহায় কৰিব ।
ৰজনীশ ভাৰ্মা, চি ই অ ,অসম তথা উত্তৰ-পূৰ্বাঞ্চল, কয় যে, “উন্নত নেটৱৰ্ক প্ৰদৰ্শনৰ প্ৰতি এয়াৰটেলৰ কৰণীয় অদম্য। নতুন স্প্রেকট্ৰাম সংস্হাপনৰ জৰিয়তে সমগ্ৰ ৰাজ্যজুৰি এতিয়া গ্ৰাহকে বৰ্ধিত কল সংযোগ, দ্ৰুতবেগী ডাটাৰ লগতে সম্পূৰ্ণৰূপে উন্নত নেটৱৰ্কৰ সুবিধা লাভ কৰিব পাৰিব। আমি অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ সমগ্ৰ ৰাজ্য সমূহৰ প্ৰতি দায়ৱদ্ধ যাৰ বাবে এনেধৰণৰ সকলো প্ৰযুক্তিত বিনিয়োগ আগবঢাই যাম যিয়ে আমাৰ গ্ৰাহক সেৱা অভিজ্ঞতাক জনসাধাৰনৰ মাজত উন্নীত কৰাত সহায় কৰিব।
শেহতীয়াভাৱে অনুষ্ঠিত হোৱা স্প্রেকট্ৰাম নিলামত ভাৰতী এয়াৰটেলে ৯৭ মেগাহাৰ্টজ স্প্রেকট্ৰাম লাভ কৰিবলৈ সক্ষম হয়। ই কেৱল ম্যাদ উকলি যোৱা স্প্রেকট্ৰাম খণ্ডসমূহ পূনৰ অধিগ্ৰহন কৰাই নহয়, ইয়াৰ উপৰি গিগাহাৰ্টজ্ স্প্রেকট্ৰাম সমপ্ৰসাৰণ কৰাৰ লগতে খণ্ডিত স্প্রেকট্ৰাম ৰ খণ্ডসমূহক অবিৰত স্প্রেকট্ৰাম ক দক্ষতাৰে একত্ৰিত কৰিছিল। এয়াৰটেল, ইয়াৰ কৃত্তিত্বৰ বাবে মিড-বেন্ড স্প্রেকট্ৰামৰ আটাইতকৈ বহল ক্ষেত্ৰ সামৰি লয়। ইয়াৰ স্প্রেকট্ৰামক সামৰি মূলতঃ ৯০০, ১৮০০, ২১০০ আৰু ২৩০০ বেণ্ড যুক্ত কোম্পানীটোৱে এক উন্নতমানৰ স্হান দখল কৰি বৰ্ধিত চাহিদাৰ উপৰত লক্ষ্য ৰাখি দ্ৰুতগতিৰ ৫ জি তথা ৪ জি ডাটাসেৱা প্ৰদান কৰিবলৈ সক্ষম হৈছে। ইয়াৰ উপৰিও বৰ্ধিত ডাটাসেৱা মিড-বেণ্ড বৰ্ণক্ৰমৰ সীচ ৰোপনে শেহতীয়াভাবে ৫জি ৰ চাহিদা পূৰণ কৰিবলৈ আৰম্ভ কৰিছে।

Leave A Reply

Your email address will not be published.