এয়াৰটেল ফাইনান্সে আৰম্ভ কৰিছে নতুন আঁচনি

0 35

ভাৰতী এয়াৰটেলে (এয়াৰটেল),ভাৰতৰ অন্যতম আগশাৰীৰ দূৰসংযোগ সেৱা প্ৰদানকাৰী, আজি ইয়াৰ ডিজিটেল শাখা এয়াৰটেল ফাইনেন্সৰ অধীনত ফিক্সড ডিপ’জিটৰ বজাৰক্ষেত্র মুকলি কৰাৰ কথা ঘোষণা কৰে। এই ফিক্সড ডিপজিট বছৰি ৯.১% পৰ্যন্ত আকৰ্ষণীয় সুতৰ হাৰত উপলব্ধ।
বজাৰক্ষেত্র খনে এয়াৰটেল ফাইনেন্সক এয়াৰটেলৰ থেংকচ এপৰ ফ্ৰেমৱৰ্কৰ ওপৰত নিৰ্মিত ডিজিটেল প্লেটফৰ্মত নিশ্চিত ৰিটাৰ্ণ আৰু ফিক্সড-ইনকাম বিনিয়োগ বিকল্প প্ৰদান কৰিবলৈ সক্ষম কৰে। ই ব্যক্তিগত ঋণ, এয়াৰটেল এক্সিছ বেংক কো -ব্ৰেণ্ড ক্ৰেডিট কাৰ্ড, এয়াৰটেল বাজাজ ফিনচাৰ্ভ ইনষ্টা ইএমআই কাৰ্ড,ক্ৰেডিট কাৰ্ড বজাৰ আৰু গোল্ড লোনৰ পৰ্টফলিঅ ৰ অফাৰ আৰু পৰিসৰ শক্তিশালী কৰে।
এয়াৰটেল ফাইনেন্সৰ মুখ্য ব্যৱসায়িক বিষয়া অংশুল খেটাৰপালে কয় যে,আমি গ্ৰাহককেন্দ্ৰিক সামগ্ৰী আগবঢ়াবলৈ ধাৰাবাহিকভাৱে উদ্ভাৱন কৰি আছো আৰু এই প্ৰচেষ্টাত আজি আমি আমাৰ ফিক্সড ডিপজিট প্ৰস্তাৱনা মুকলি কৰাৰ কথা ঘোষণা কৰি উৎফুল্লিত হৈছো। এফ ডি সমূহ আকৰ্ষণীয় সুতৰ হাৰত উপলব্ধ যিয়ে আমাৰ গ্ৰাহকসকলক তেওঁলোকৰ জমা ধন ভালদৰে বিনিয়োগ কৰাত আৰু তেওঁলোকৰ বিত্তীয় লক্ষ্য পূৰণ কৰাত সহায় কৰিব। আমি এই উদ্যোগত শ্ৰেষ্ঠ বেংকসমূহৰ সৈতে সহযোগিতা কৰিছো আৰু গ্ৰাহকসকলক সম্পূৰ্ণ স্বচ্ছ, নিৰৱচ্ছিন্ন আৰু ডিজিটেল যাত্ৰা আগবঢ়াবলৈ প্ৰতিশ্ৰুতি দিছো।
এয়াৰটেল থেংকচ এপ প্লেটফৰ্মত গ্ৰাহকে নূন্যতম ১০০০ টকা বিনিয়োগ কৰি নতুন বেংক একাউণ্ট অবিহনে পোনপটীয়াকৈ ফিক্সড ডিপজিট বুকিং আৰু নিয়ন্ত্ৰণ আৰু পৰিচালনা কৰিব পাৰিব।
ই তিনিটা সহজ পদক্ষেপৰ এটা ডিজিটেল প্ৰক্ৰিয়া :
1. তুলনা কৰি FD নিৰ্ব্বাচন কৰিব পাৰে।
2. বিৱৰণ সন্নিবিষ্ট কৰক আৰু KYC সম্পূৰ্ণ কৰক।
3. আপোনাৰ চলিত বেংক একাউণ্টৰ জৰিয়তে ধন পৰিশোধ কৰক।
*এই সেৱা বৰ্তমান কেৱল এণ্ড্ৰইড ডিভাইচতহে উপলব্ধ। অতি সোনকালে ইয়াক IOS ত উপলব্ধ কৰা হব।
উৎকৰ্ষ স্মল ফাইনেন্স বেংক, শিৱালিক বেংক, সূৰ্যোদয় স্মল ফাইনেন্স বেংক, আৰু শ্ৰীৰাম ফাইনেন্সকে ধৰি কেইবাটাও ক্ষুদ্ৰ বিত্তীয় বেংক আৰু এনবিএফচিৰ সহযোগীতাত এয়াৰটেল ফাইনেন্সে ফিক্সড ডিপজিট আঁচনি আগবঢ়াইছে। ইয়াৰ ফলত গ্ৰাহকে উচ্চ সুতৰ হাৰত নিশ্চিত ৰিটাৰ্ণ লাভ কৰিব পাৰিব।
বেংকৰ এফডি, ডি. আই. চি. জি. চি- ডিপজিট ইনচুৰেন্স এণ্ড ক্রেডিট গেৰাণ্টি কৰ্পৰেচন ৰ দ্বাৰা সুৰক্ষিত, প্ৰতিটো বেংকৰ প্ৰতি পেনৰ বাবে ৫ লাখ টকা পৰ্যন্ত (১০০% আৰ. বি. আই. সহায়ক)। ইয়াৰ দ্বাৰা গ্ৰাহকে অধিক নিশ্চয়তাৰে ক্ষুদ্ৰ বিত্ত বেংকৰ জমা আঁচনিত বিনিয়োগ কৰাত সহায় কৰিব। এয়াৰটেল ফাইনেন্সেও ৭ দিনৰ পিছত যিকোনো সময়তে উলিওৱাৰ সুবিধা ৰ সৈতে ফিক্সড ডিপজিটৰ বিকল্প আগবঢ়াইছে।
বিভিন্ন ধৰণৰ বৰ্ধিত সেৱাৰ সৈতে, এয়াৰটেল ফাইনেন্স হৈছে এক বিত্তীয় সেৱা মঞ্চ যাক আঠ লাখৰো অধিক লোকে বিশ্বাস কৰে। ইয়াৰ লক্ষ্য হৈছে ইয়াৰ গ্ৰাহকসকলক ব্যক্তিগতকৃত, সহজে বুজি পোৱা আৰু সুৰক্ষিত বিত্তীয় সমাধান প্ৰদান কৰা। এয়াৰটেল ফাইনেন্সে বৰ্তমান বিভিন্ন ধৰণৰ প্রডাক্ট প্ৰদান কৰে, যাৰ ভিতৰত আছে এয়াৰটেল ফ্লেক্সি ক্ৰেডিট ব্যক্তিগত ঋণ, কো-ব্ৰেণ্ড ক্ৰেডিট কাৰ্ড, কো-ব্ৰেণ্ড ইনষ্টা ইএমআই কাৰ্ড, আৰু বিত্তীয় প্ৰতিষ্ঠানসমূহৰ সৈতে গোল্ড লোণ। ব্যৱসায়িক ঋণ আৰু সুৰক্ষিত ঋণ প্রডাক্ট’ ৰ দৰে অধিক প্রডাক্ট আগবঢ়োৱাৰ সৈতে, এই সকলোবোৰ থেংকচ্ এপৰ জৰিয়তে সুবিধাজনকভাৱে উপলব্ধ। সমগ্ৰ দেশৰ ৩৫০ মিলিয়ন+ গ্ৰাহকৰ সকলো বিত্তীয় সামগ্ৰীৰ প্ৰয়োজনীয়তাৰ বাবে এয়াৰটেল ফাইনেন্স এক ষ্টপ সমাধান হোৱাৰ পথত।

Leave A Reply

Your email address will not be published.