হিল লিমিটেড এতিয়া বিৰলানু লিমিটেড

0 85

হিল লিমিটেড, যি ৩ বিলিয়ন মাৰ্কিন ডলাৰৰ চি কে বিৰলা গ্ৰুপ (CK Birla Group) ৰ অন্তৰ্গত, এতিয়া আনুষ্ঠানিকভাৱে বিৰলানু (BirlaNu) লিমিটেড হিচাপে পুনঃব্রেণ্ডিং কৰিছে। এই পৰিবৰ্তনটোৱে কোম্পানীটোৰ আগ্ৰাসী বৃদ্ধিৰ কৌশল আৰু গৃহ নিৰ্মাণ সামগ্রীৰ ক্ষেত্ৰত বিশ্বমানৰ উৎপাদন আৰু সেৱা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতিৰ প্ৰতিফলন ঘটায়। কোম্পানীটোৰ ভাৰত আৰু ইউৰোপত ৩২ টা উৎপাদন ইউনিট আছে আৰু ই ৮০ টাতকৈ অধিক দেশত গ্ৰাহক আৰু সহযোগীসকলক সেৱা আগবঢ়াই আহিছে।

বিৰলানুৰ অধ্যক্ষ আৱন্তী বিৰলাই কয়,আমাৰ নতুন পৰিচয় বিৰলানু, ই এনে এটা কোম্পানী যিয়ে সদায় আগবাঢ়ি থাকে যিয়ে আমি মূলত কোন তাক প্ৰতিফলিত কৰে। গৃহসঁজুলি নিৰ্মাণ, আৰু ডিজাইন ক্ষেত্ৰৰ গ্ৰাহকসকলেই আমাৰ কামৰ কেন্দ্ৰবিন্দু। নতুন উপাদান সৃষ্টি কৰা, স্থায়িত্ব বঢ়োৱা, আৰু গৃহনির্মাণ ক্ষেত্ৰত নতুন চিন্তা-ধাৰা যোগদান কৰাটো আমাৰ লক্ষ্য।

বিৰলানুৰ পৰিচালনা সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া অক্ষত শেঠ কয়, “আমাৰ মূল লক্ষ্য হৈছে উচ্চ-গুণগতমানৰ, বহনক্ষম নিৰ্মাণ সামগ্ৰী যোগান ধৰাত আছিল যত পাইপ, ৰাসায়নিক পদাৰ্থ, পুটি, ছাদ, দেৱাল আৰু মজিয়া যিয়ে আধুনিক নিৰ্মাণৰ প্ৰয়োজনীয়তা পূৰণ কৰে। আমি ভাৰতত প্ৰথমবাৰৰ বাবে UPVC পাইপ উৎপাদনত হেভি মেটেল মুক্ত জৈৱিক ভিত্তিক ষ্টেবিলাইজাৰ (Organic Based Stabilizers) ব্যৱহাৰ আৰম্ভ কৰিছোঁ। চেন্নাইত AAC ব্লক উৎপাদন ক্ষমতা ৪ লাখ ঘন মিটাৰলৈ বৃদ্ধি কৰি দেশৰ অন্যতম ডাঙৰ সুবিধা গঢ়ি তুলিছোঁ লগতে, গৃহসজ্জা আৰু অভ্যন্তৰীণ ডিজাইনৰ নতুন খণ্ডত প্ৰৱেশৰ অংশ হিচাপে বিশ্বমানৰ পেৰাডৰ (Parador) ফ্ল’ৰিং ব্রেণ্ড ভাৰতত আনি সঞ্চালন কৰিছোঁ।

বিৰলানু লিমিটেড সততা, সহযোগিতা আৰু উৎকৰ্ষত বিশ্বাসী কোম্পানী হিচাপে নতুন মাত্ৰা সৃষ্টি কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। এই নতুন নামটো কেৱল এখন পৰিচয় নহয়—ই এটা উদ্দেশ্য আৰু আগ্রাসী অগ্ৰগতিৰ প্ৰতীক। বিশ্বটো উন্নয়নৰ দিশে গতি কৰাৰ লগে লগে, বিৰলানু উন্নত গৃহসজ্জা আৰু স্থায়ী নিৰ্মাণ ব্যৱস্থাৰ জড়িয়তে ভৱিষ্যত গঠন কৰিবলৈ দৃঢ়প্ৰতিজ্ঞ।

Leave A Reply

Your email address will not be published.