পৰাধীনতা কাৰো কাম্য নহয়। মুক্ত জীৱন সকলোৱে বিচাৰে। জীৱ জগতৰ ইতৰ জীৱৰ পৰা মানুহলৈ, কোনেও নিবিচাৰে আনৰ দ্বাৰা অৱদমিত হৈ থকাটো। সেই বাবেই, বিশেষকৈ মানুহৰ স্বাধীনতা সংগ্ৰাম সমূহৰ কাহিনীয়ে শোভিত কৰি আহিছে বুৰঞ্জীৰ পৃষ্ঠা। ভাৰতবৰ্ষৰো আছে এক স্বকীয় ইতিহাস, দেশৰ স্বাধীনতা সংগ্ৰামৰ।
ৰাজনৈতিকভাৱে দেশ স্বাধীন হোৱাৰ ৭৪ বৰ্ষত ভৰি দিলে। বিগত ৭৩ টা বছৰত দেশৰ প্ৰাপ্তিও বহুত,অপ্ৰাপ্তিৰো লেখ জোখ নাই। কিন্তু, এটা চকুত লগা অপৰিবৰ্তন, দেশৰ বুজন সংখ্যক জনতা এতিয়াও পৰাধীন অৰ্থনৈতিক ভাৱে। লক্ষনীয় দিশটো হ’ল, অকল ভাৰত বুলিয়েই নহয়, ই এক গোলকীয় বৈশিষ্ট্য- আমি হয়তো ৰাজনৈতিক ভাৱে স্বাধীন একো একোখন দেশৰ নাগৰিক। কিন্তু, অৰ্থনৈতিক ভাৱে আমি দেশে দেশে পৰাধীন।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পৰ সহযোগী তথা বিখ্যাত “ৰিছ ডেড, প’ৰ ডেড” গ্ৰন্থ চিৰিজৰ প্ৰণেতা, জাপানী বংশোদ্ভৱ আমেৰিকান ৰ’বাৰ্ট টি কিয়’চাকি এজন বিখ্যাত অৰ্থনীতিবিদ তথা বিনিয়োগকাৰী ব্যৱসায়ী। তেওঁৱেই আগবঢ়োৱা “কেছ ফ্লো কোৱাড্ৰেণ্ট”ৰ ধাৰণাই স্পষ্ট কৰে অৰ্থনৈতিক ভাৱে পৃথিৱীৰ বুজন সংখ্যক লোক কিদৰে পৰাধীন বা পৰনিৰ্ভৰশীল। এই ধাৰণা অনুসৰি পৃথিৱীৰ ৯৫-৯৭% লোকৰ ওচৰত মাত্ৰ ৫-৩% সা-সম্পত্তিহে আছে। আনহাতে, পৃথিৱীৰ মাত্ৰ ৫-৩% লোকে অধিকাৰ কৰি আছে ৯৫-৯৭% সা-সম্পত্তি। তাৎপৰ্যপূৰ্ণ কথাটো হ’ল এয়ে যে আমি সচৰাচৰ আমাৰ চৌপাশে দেখি থকা ধনী মানুহবোৰ কিন্তু ৰবাৰ্ট টি কিয়’চাকিৰ ধাৰণা অনুসৰি পৃথিৱীৰ সম্পত্তিশালী ৫-৩% লোকৰ শ্ৰেণীত নপৰে। এই ধাৰণাই স্পষ্ট কৰে প্ৰতিবেশীজনতকৈ দুটা টকা বেছিকৈ অৰ্জন কৰা মানেই অৰ্থনৈতিকভাবে স্বাধীন নুবুজায়। অৰ্থনৈতিক স্বাধীনতাৰ প্ৰকৃত সংজ্ঞা বুজি পোৱা অনুধাৱন কৰিব পৰাটো কঠিন, যাৰ বাবে পৃথিৱীৰ বুজন সংখ্যকে অৰ্থনৈতিক পৰাধীনতাক আঁকোৱালি লৈ প্ৰজন্মৰ পিছত প্ৰজন্ম অতিবাহিত কৰিছে।
কিন্তু, আমি সলনি কৰিব পাৰো। যিদৰে ৰাজনৈতিক ভাৱে আমি স্বাধীন হ’ব পাৰিলো, যদি ইচ্ছা কৰো, মন বান্ধি লও, তেন্তে, পৃথিৱীৰ ৫-৩% লোকৰ লেখিয়াকৈ আমিও অৰ্থনৈতিক ভাৱে স্বাধীন হ’ব পাৰিম। অৱশ্যে, নিজৰ অৰ্থনৈতিক স্বাধীনতা যুদ্ধৰ মহাত্মা গান্ধী, ভগত সিং, সুভাষ চন্দ্ৰ বসু আমি নিজেই হ’ব লাগিব।
আৰু সমস্যা তাতেই। আমি পৰিবৰ্তন বিচাৰো, কিন্তু পৰিৱৰ্তনৰ ধ্বজাবহনকাৰী হোৱাৰ মানসিকতা আমাৰ নাই। আমাৰ অৰ্থনৈতিক স্বাধীনতা সংসদ বা বিধানসভাত গৃহীত কোনো আইন অথবা চৰকাৰৰ নিৰ্দেশনাত সম্ভৱ নহয়। অৰ্থনৈতিক স্বাধীনতা সম্ভৱ হ’ব উপাৰ্জন আৰু খৰছৰ অৰ্থনীতি, সময়ৰ ক্ৰয়-বিক্ৰয়ৰ আঁৰৰ ৰহস্য আমি যেতিয়া বুজি পাম অথবা বুজিবলৈ যত্ন কৰিম। কিন্তু সেই যত্ন মই বা আপুনি নিজে কৰিব লাগিব। কাৰণ, মোৰ বা আপোনাৰ অৰ্থনৈতিক স্বাধীনতাক লৈ মই বা আপুনিহে গাইগুটিয়াকৈ সতৰ্ক বা সজাগ। অইন নহয়।
নিৰ্মল জ্যোতি কপিল