স্বাধীনতা দিৱসৰ প্ৰাক ক্ষণত দেশপ্ৰেম মূলক কবিতা লিখি চৰ্চা লাভ কৰিছে এগৰাকী সাংবাদিকে

0 331

গোৱালপাৰা জিলাৰ ধূপধৰাৰ বাসিন্দা তথা নিয়মীয়া বাৰ্তাৰ ধূপধৰাৰ স্থানীয় সংবাদদাতা পঙ্কজ মাহাতোয়ে জনসাধাৰণৰ কল্যাণৰ লগতে ভাৰতীয় সেনাৰ দেশসেৱাক শ্ৰদ্ধা জনোৱাৰ বাবে গ্ৰহণ কৰিলে এক অভিনৱ পন্থা। ভাৰতীয় সেনাবাহিনীৰ মাতৃভূমিৰ বাবে কৰা ত্যাগক বিশ্বমুখী কৰাৰ চিন্তা কৰি এইবাৰ যুৱ সাংবাদিক পঙ্কজ মাহাতোয়ে ৰচনা কৰি উলিয়ালে ভাৰতীয় সেনাৰ কৰ্মৰাজিৰ আধাৰত পোন্ধৰ শ শাৰীৰ দেশপ্ৰেম মূলক কবিতা।
 
 
 
ভাৰতীয় সেনাৰ স্থল সেনা, বায়ু সেনা আৰু নৌ সেনাৰ দেশভক্তি তথা দেশৰ বাবে কৰা ত্যাগৰ আধাৰত প্ৰগাঢ় প্ৰহৰী শীৰ্ষক কবিতা ৰচনা কৰি উলিয়াইছে।বহু কেইটা উদ্দেশ্য আগত ৰাখি এই কবিতা ৰচনা কৰিছে সাংবাদিক পঙ্কজ মাহাতোয়ে। তেওঁ কবিতাটোৰ সম্পৰ্কত কয় যে, দেশৰ বাহ্যিক আৰু অন্তৰ্নিহিত সুৰক্ষাৰ ক্ষেত্ৰত ভাৰতীয় সেনাৰ তিনিওটা বিভাগে যি ধৰণে ত্যাগ কৰি জীৱনক তুচ্ছ কৰি দেশ সেৱাত ব্ৰতী হৈ আছে সেয়া অমূল্য অৱদান।তেওঁলোকৰ এই অৱদানক দেশবাসীয়ে সদায় হৃদয়ংগম কৰিব লাগে।ভাৰতীয় সেনাৰ এই অৱদানক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ লগতে অসমীয়া ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ লক্ষ্য আগত ৰাখি কবিতাটি ৰচনা কৰা হৈছে।
 
 
ইয়াৰ উপৰিও  কবিতাটি পুথি হিচাপে প্ৰকাশ কৰি সমগ্ৰ অসমতে বিক্ৰী কৰি পোৱা অৰ্থই সৰ্বসাধাৰণ লোকক বিপদ কালত আৰ্থিকভাৱে সহায় কৰিব। কবিতাটো শীঘ্ৰে পুথি হিচাপে প্ৰকাশ কৰি ইয়াক বিক্ৰীৰ বাবে যো জা চলাব বুলি সাংবাদিক গৰাকীয়ে জানিবলৈ দিয়ে।
 
 
ইফালে বিভিন্ন সময়ত জটিল ৰোগত আক্ৰান্ত হোৱা একাংশ লোকৰ পৰিয়ালে চিকিৎসাৰ বাবে আৰ্থিক সহায় বিচাৰি সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজৰ পৰা সহায় বিচৰা পৰিলক্ষিত হয়।এনে প্ৰেক্ষাপটত কবিতা পুথিখন বিক্ৰী কৰি পোৱা পুঁজিৰে পাৰ্যমানে এনে লোকক সহায় কৰা হ’ব বুলিও সাংবাদিক গৰাকীয়ে জানিবলৈ দিয়ে।
 
 
সাংবাদিক গৰাকীৰ এই মহান উদ্দেশ্য সাফল্য মণ্ডিক কৰি তোলাৰ বাবে অসমবাসী ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে ।উল্লেখযোগ্য যে ইতিপূৰ্বে পঙ্কজ মাহাতোয়ে ভাৰতীয় স্বাধীনতা সংগ্ৰামীৰ দেশপ্ৰেমৰ আধাৰত দীঘলীয়া কবিতা লিখি লাভ কৰিছে কেইবাটাও ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় বঁটা।ইতিমধ্যে দেশ তথা বিশ্বৰ ভিতৰতে দিঘলীয়া কবিতা লখা ব্যক্তি হিচাপে সাংবাদিক গৰাকীৰ নাম অন্তৰ্ভুক্ত হৈ আছে ইণ্ডিয়া বুক অৱ ৰেকৰ্ড, লিমকা বুক অৱ ৰেকৰ্ডছ, চেম্পিয়ন বুুক অৱ ৱৰ্ল্ড ৰেকৰ্ড আদিত।
খবৰ যুগুতালে মিৰ্জাৰ পৰা জিতুমণি দাসে

Leave A Reply

Your email address will not be published.