ভাইৰাছৰ আতংকই গ্ৰাস কৰিছে সমগ্র দেশ।কাৰণ চীনৰ য়ুহান প্ৰদেশত কোৰোনা নামৰ অচিন ভাইৰাছৰ বাবে বহুকেইজন লোক মৃত্যু হৈছে।ভাৰতৰ বিভিন্ন বিমান বন্দৰত ইতিমধ্যে সতৰ্কতা অৱলম্বন কৰিছে।চিকিৎসকৰ মতে ই প্ৰাকৃতিকভাৱে জন্ম হোৱা ভাইৰাছ।প্ৰথমে জীৱ জন্তু,তাৰ পাছত মানুহৰ শৰীৰত এই ভাইৰাছৰ সংক্রমণ হয়।এই ভাইৰাছত আক্রান্ত লোকসকলৰ শ্বাস প্ৰশ্বাসত কষ্ট হয়,ডিঙিৰ বিষ হয়,জ্বৰ,চৰ্দি ইত্যাদি লক্ষণে দেখা দিয়ে।আমেৰিকাতো এই ভাইৰাছবিধৰ অৱস্থিতি ধৰা পৰিছে।উল্লেখযোগ্য যে এই ৰোগৰ কোনো চিকিৎসা নাই।সেয়েহে চীন ভ্ৰমণৰ পৰা অহা দুজন ব্যক্তিক পৃথকভাৱে চিকিৎসা সেৱা আগবঢ়াইছে।তাৰ উপৰিও এই ভাইৰাছবিধৰ বাবে গণতন্ত্র দিৱসত অংশগ্রহণ কৰিবলৈ অহা দলৰ ভ্ৰমণ বাতিল কৰিছে। বিশেষকৈ ভাৰতৰ বিমান বন্দৰ সমূহত যাত্ৰীসকলৰ স্বাস্থ্য পৰীক্ষা কৰিছে।যিকোনো সময়তে এই ভাইৰাছবিধে ভাৰততো প্ৰৱেশ কৰিব পাৰে।তাৰ বাবে সকলোৱে সতৰ্কতা অৱলম্বন কৰা উচিত।কাৰণ আপোনাৰ অলপ সতৰ্কতাই জীৱন বচাব পাৰে।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান