আজি বিশ্ব ধৰিত্ৰী দিৱস।বিশ্বৰ ১৯৩ খন দেশে এই দিৱস ১৯৭০চনৰ পৰা পালন কৰি আহিছে ।এই দিৱসৰ পালনৰ উদ্দেশ্য হৈছে পৃথিৱীত উপলব্ধ প্ৰতিটো উপাদানৰ সম্পৰ্কে গুৰুত্ব দিয়া, সজাগতা সৃষ্টি কৰা।এইবাৰৰ ধৰিত্ৰী দিৱসৰ থিম হ’ল প্লাষ্টিক প্ৰদূষণ ৰোধ কৰা।জনস্বাস্থ্য আৰু পক্ষীকূলক সুৰক্ষা প্ৰদান কৰা।প্লাষ্টিক জাত সামগ্ৰীৰ প্ৰচলন বন্ধ হ’লেহে প্লাষ্টিক প্ৰদূষণ ৰোধ কৰিব পৰা যাব ।এতিয়া আহো পৰিবেশ আৰু পৰিস্থিতিতন্ত্ৰৰ কিছু উপাদানলৈ।পৃথিৱীত বৃদ্ধি পোৱা গ্ল’বেল ৱাৰ্মিংৰ মূল কাৰণ হ’ল বায়ুত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি হোৱা।ইয়াৰ প্ৰধান কাৰণসমূহৰ ভিতৰত বিমান চলাচল আৰু বনাঞ্চল ধবংস কৰা কাৰ্য্য অন্যতম ।যাৰ ফলত তাপমান বৃদ্ধি, হিম প্ৰৱাহ বৃদ্ধি,সমুদ্ৰৰ জলস্তৰ বৃদ্ধি,বায়ুমণ্ডল প্ৰদূষণ বৃদ্ধি পাইছে ।বতৰৰ এনে ভাৰসাম্যহীনতা বাবে ২০৪৮লৈ পৃথিৱীখন পৃথিৱী হিচাপে বৰ্তি থাকিব নে সেই সম্পৰ্কে বিজ্ঞানীসকল শংকিত হৈ পৰিছে ।পূৰ্বৰ তুলনাত পৃথিৱীৰ পৰা ৮গুণ হাৰত কীট পতংগ লুপ্ত হৈছে ।ই পৰিস্থিতিতন্ত্ৰৰ উদ্বেগজনক খবৰ হিচাপে বিবেচিত হৈছে ।কিয়নো পৰিস্থিতিতন্ত্ৰৰ খাদ্য শৃংখল সুচাৰুৰূপে পৰিচালনা হ’বলৈ হ’লে সকলো জীৱৰে উপস্থিতি আৱশ্যকতা আছে।বায়ুপ্ৰদূষণৰ ফলশ্ৰুতিত বছৰি বিশ্বৰ ২৪লাখ লোকে প্ৰাণ হেৰুৱায় ।আনহাতে ইয়াৰ উপৰিও মৎস্য কূলৰ পৰাও বহু মাছ বিলুপ্ত ঘটিছে।গছ গছনি ধ্বংস যজ্ঞ অব্যাহত আছে ।জীৱ শ্ৰেষ্ঠই সকলো কথা জানিও নিজৰ বিপদ নিজেই মাতি আনিছে।আমি বিচাৰো এখন সুন্দৰ সেউজীয়া পৃথিৱী য’ত সকলোৱে সুস্থভাৱে জীৱন যাপন কৰিব পাৰে।
Trending
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা
- বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক
- গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছৰ পূৱ মাণ্ডলৰ প্ৰাক গণৰাজ্য দিৱস পেৰেড শিবিৰৰ সামৰণি
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা
- National Press Day 2024 Commemorated in Guwahati: A Reflection on the Changing Nature of the Press