জাতিৰ জাতীয় স্বভিমানে মোৰ দেশ উজলি উঠিল।সমূহ ৰাইজ একত্ৰিত হৈ কেবৰ বিপক্ষে মাৰ বান্ধি থিয় দিয়া পৰিলক্ষিত হ’ল।আটাইতকৈ গুৰুত্বপূৰ্ণ কথা এয়ে যে কোনো দল সংগঠনৰ আওতাত থাকি নহয়,সমূহ জনগণে স্বত:স্ফুটভাৱে ৰাজপথলৈ ওলাই আহিল।দুই ,এক অপশক্তিয়ে এই আন্দোলনক হিংসাত্মক ৰুপ দিয়াৰ চেষ্টা কৰিলেও শান্তিপ্ৰিয় অসমীয়া সমাজৰ বিশিষ্ট ব্যক্তি সকলে আহ্বানত এই আন্দোলন অহিংস পন্থাৰে হ’ল ।এই ক্ষেত্ৰত নাগৰিক সমাজ,আছু,শিল্পী সমাজৰ প্ৰচেষ্টা অতিকে প্ৰশংসনীয়।১৯৪২ চনৰ দৰে হাজাৰ হাজাৰ অসমীয়া ডেকাই দেশ মাতৃক ৰক্ষাৰ নিমিত্তে ৰাজপথলৈ ওলাই অহা দৃষ্টি গোচৰ হ’ল।কি বৃদ্ধ,কি বনিতা আনকি বিশেষভাৱে সক্ষম লোকেও এই আন্দোলনত যোগদান কৰা দেখা গ’ল।চৰকাৰী পক্ষই ইণ্টাৰনেটৰ সংযোগ অথবা সান্ধ্য আইন ঘোষণা কৰিলেও,আন্দোলনৰ গতি কিন্তু স্তব্ধ নহ’ল।ইয়ে প্ৰমাণ কৰে যে আজি অম্বিকা গিৰি ৰায় চৌধুৰী ,সাহিত্যৰথী লক্ষ্মী নাথ বেজবৰুৱা,ডক্টৰ ভূপেন হাজৰিকা নাথাকিলেও তেখেত সকলৰ আহ্বান প্ৰতিজন অসমীয়াৰ প্ৰাণে প্ৰাণে গুঞ্জৰিত।আন্দোলনৰ সময়ত গামোচাৰো প্ৰীতি বৃদ্ধি পোৱা দেখা গ’ল।কোনোৱে মূৰত,কোনোৱে কান্ধত,কোনোৱে বাইকত গামোচাৰে পতাকা উৰাই লোৱা দেখা গ’ল।এয়ে আন্দোলনে কেৱল স্বদেশ প্ৰেমকে প্ৰতিনিধিত্ব নকৰে,ই প্ৰতিনিধিত্ব কৰে জাতীয় একতাক,জাতীয়তাবোধক।
Trending
- পৰ্যটনৰ কোনো পৰিধি নাই- পৰ্যটন বিভাগটোক আৰু অধিক উজ্জীৱিত ৰূপত তুলি ধৰাৰ বাবে সংঘবদ্ধ হৈ কাম কৰাৰ আহ্বান পৰ্যটন মন্ত্ৰীৰ
- বনভোজ-নতুন বছৰৰ উৎসৱৰ সময়ত নীতি-নিদেৰ্শনা মানিহে গাড়ী চলোৱাৰ আহ্বান কামৰূপ মহানগৰ জিলা আয়ুক্তৰ
- সৰুসজাই ক্ৰীড়া প্ৰকল্পতএই মহা আয়োজন বিশ্বমানৰ হোৱাৰ ওপৰত গুৰুত্ব সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ
- ঢেকিয়াজুলি সমষ্টিৰ ৫,১৩০ টা পৰিয়ালৰ ২৭,৭৮৩ গৰাকী নতুন হিতাধিকাৰীৰ মাজত ৰেছন কাৰ্ড বিতৰণ
- ডিমৰীয়াত পৰিবহণ বিভাগৰ ৰাইজৰ সেৱা ৰাইজৰ পদূলিত সেৱা কাৰ্যসূচী
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ উদ্যোগত শ্ৰী শ্ৰীমহাকালেশ্বৰ মন্দিৰৰ পৰ্যটনৰ সম্ভাৱনীয়তা বিষয়ক আলোচনা
- গোৱালপাৰা জিলাত ‘বিকাশৰ ১২ দিন’ শীৰ্ষক কাৰ্যসূচীৰ শুভাৰম্ভ মন্ত্ৰী অশোক সিংহলৰ
- সকলো শ্ৰেণীৰ বাহনৰ নথিপত্ৰ সঠিক কৰি ৰাখি সুৰক্ষিত যাতায়াত অব্যাহত ৰখাৰ আহ্বান পৰিবহণ বিভাগৰ
- ৰাজ্যৰ মুগা কৃষকক মূগালাটৰ যোগান ধৰিব খানাপাৰাৰ চৰকাৰী সঁচ পামে
- এ এছ এছ টিত পলিমাৰ আৰু উন্নত কাৰ্যকৰী সামগ্ৰী বিষয়ক ৰাষ্ট্ৰীয় সন্মিলনৰ সামৰণি