অইল ইণ্ডিয়া লিমিটেডে গুৱাহাটীৰ বামুনিমৈদানত গুৱাহাটী কাৰ্যালয় আৰু দক্ষতা বিকাশ প্ৰতিষ্ঠান নিৰ্মাণৰ বাবে এখন ফলক উন্মোচন কৰি এক আধাৰশিলা স্থাপন অনুষ্ঠান পৰিচালনা কৰে।অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ৰামেশ্বৰ তেলী, মাননীয় ৰাজ্যিক মন্ত্ৰী,পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ আৰু শ্ৰম আৰু নিয়োগ,ভাৰত চৰকাৰ আৰু অইল ইণ্ডিয়া লিমিটেডৰ পৰিচালনা সমিতিৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰি ফলক উন্মোচন কৰে।ভৱন নিৰ্মাণৰ কাম হ’বলগীয়া মাটিখিনি অসম চৰকাৰে দীৰ্ঘম্যাদী পট্টাৰ জৰিয়তে অইল ইণ্ডিয়া লিমিটেডক আবণ্টন দিছিল। অইল ইণ্ডিয়া লিমিটেড আৰু দক্ষতা বিকাশ প্ৰতিষ্ঠানৰ গুৱাহাটী কাৰ্যালয় স্থাপনৰ প্ৰক্ৰিয়া সঠিকভাৱে আৰম্ভ হৈছে আৰু প্ৰাক নিৰ্মাণৰ কাম-কাজ বহু পৰিমাণে সম্পূৰ্ণ হৈছে।যদিও অইল ইণ্ডিয়া লিমিটেডৰ পাইপলাইনৰ মুখ্য কাৰ্যালয় গুৱাহাটীৰ নাৰেংগীত থকাৰ বাবে ইতিমধ্যে গুৱাহাটীত অইলৰ উপস্থিতি আছে তথাপি বামুনিমৈদানত গুৱাহাটী কাৰ্যালয় স্থাপন কৰাৰ ফলত গুৱাহাটীত অইল ইণ্ডিয়া লিমিটেডৰ উপস্থিতি আৰু অধিক বৃদ্ধি পাব বুলি আশা কৰা হৈছে। একেদৰে একেটা স্থানতে এটা দক্ষতা বিকাশ প্ৰতিষ্ঠান স্থাপন কৰিলে স্থানীয় যুৱক-যুৱতীসকলে বিভিন্ন ব্যৱসায়ত দক্ষতা বিকাশৰ বাবেও যথেষ্ট সুযোগ লাভ কৰিব বুলি আশা কৰা হৈছে, আৰু এনেদৰেই কোম্পানীটোৱে গুৱাহাটীৰ আশে-পাশে পৰিচালনা কৰা অন্যান্য দক্ষতা বিকাশ প্ৰতিষ্ঠানসমূহৰ উপৰিও যুৱক-যুৱতীসকলক নিয়োগযোগ্য কৰি তুলিছে।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন