কভিড মহামাৰীৰ গণ সংক্ৰমণ ৰোধৰ বাবে বাবে ২০২০ চনৰ ২৪ মাৰ্চত দেশজুৰি লকডাউন ঘোষণা কৰাৰ পাছত খাদ্য সংকটত পৰা লোকসকলক দুবেলা দুমুঠি খাদ্য যোগান ধৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰা গুৱাহাটীৰ অমৃত ভোগ ভাণ্ডাৰাই প্ৰথম বাৰৰ বাবে শক্তিপীঠ শ্ৰী শ্ৰীকামাখ্যা মন্দিৰ চৌহদত আজিৰে পৰা আৰম্ভ হোৱা বিশ্ববিখ্যাত অম্বুবাচী মেলাত বাহিৰৰ পৰা অহা ভক্তক বিনামূলীয়াকৈ দিনে নিশাই খাদ্য যোগান ধৰাৰ বাবে কামাখ্যা ৰেল ষ্টেচন চৌহদত জিলা প্ৰশাসনৰ অনুমতি সাপেক্ষে স্থাপন কৰিছে এখন বৃহৎ বিপনি । আজি পুৱা বহু বিশিষ্ট লোকৰ উপস্থিতিত ভক্তক ৰন্ধা খাদ্য তথা আহাৰ বিতৰণ কৰি বিপনিখনৰ শুভাৰম্ভ কৰে অমৃত ভোগ ভাণ্ডাৰাৰ প্ৰতিষ্ঠাপক ভাগচন্দ জৈনে । এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত ভাগচন্দ জৈনে কয় মানৱ সেৱাৰ মাজৰে প্ৰকৃততে ঈশ্বৰ সেৱাৰ ফল পোৱা যায় । অম্বুবাচীত বাহিৰৰ পৰা অহা কোনো ভক্তই যাতে খাদ্যৰ সংকটত পৰিব নালাগে সেই লক্ষৰে বিপনিখন স্থাপন কৰা হৈছে বুলি ভাগচন্দ জৈনে সদৰি কৰে । উল্লেখযোগ্য যে ভক্তক খাদ্য যোগান আৰু প্ৰস্তুতকৰণৰ বাবে ২০ জনতকৈ অধিক কর্মী – স্বেচ্ছাসেৱক নিয়োগ কৰা হৈছে।
Trending
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা
- মুম্বাইত গগনাৰ ৰঙালী বিহু উদযাপন
- ঢকুৱাখনা গাৰ্লছ হাইস্কুলত ১৯৭৯ বর্ষৰ শিক্ষাৰ্থীৰ সন্মিলন
- চি আই ডিৰ মহাপৰিদৰ্শক হিচাপে নিযুক্তি লাভ আইৰণ লেডীৰ
- আজি অনুষ্ঠিত হয় প্রথম পৰ্য্যায়ৰ ভোটদানৰ পৰ্ব