কভিড মহামাৰীৰ গণ সংক্ৰমণ ৰোধৰ বাবে বাবে ২০২০ চনৰ ২৪ মাৰ্চত দেশজুৰি লকডাউন ঘোষণা কৰাৰ পাছত খাদ্য সংকটত পৰা লোকসকলক দুবেলা দুমুঠি খাদ্য যোগান ধৰি মহানুভৱতাৰ পৰিচয় দাঙি ধৰা গুৱাহাটীৰ অমৃত ভোগ ভাণ্ডাৰাই প্ৰথম বাৰৰ বাবে শক্তিপীঠ শ্ৰী শ্ৰীকামাখ্যা মন্দিৰ চৌহদত আজিৰে পৰা আৰম্ভ হোৱা বিশ্ববিখ্যাত অম্বুবাচী মেলাত বাহিৰৰ পৰা অহা ভক্তক বিনামূলীয়াকৈ দিনে নিশাই খাদ্য যোগান ধৰাৰ বাবে কামাখ্যা ৰেল ষ্টেচন চৌহদত জিলা প্ৰশাসনৰ অনুমতি সাপেক্ষে স্থাপন কৰিছে এখন বৃহৎ বিপনি । আজি পুৱা বহু বিশিষ্ট লোকৰ উপস্থিতিত ভক্তক ৰন্ধা খাদ্য তথা আহাৰ বিতৰণ কৰি বিপনিখনৰ শুভাৰম্ভ কৰে অমৃত ভোগ ভাণ্ডাৰাৰ প্ৰতিষ্ঠাপক ভাগচন্দ জৈনে । এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত ভাগচন্দ জৈনে কয় মানৱ সেৱাৰ মাজৰে প্ৰকৃততে ঈশ্বৰ সেৱাৰ ফল পোৱা যায় । অম্বুবাচীত বাহিৰৰ পৰা অহা কোনো ভক্তই যাতে খাদ্যৰ সংকটত পৰিব নালাগে সেই লক্ষৰে বিপনিখন স্থাপন কৰা হৈছে বুলি ভাগচন্দ জৈনে সদৰি কৰে । উল্লেখযোগ্য যে ভক্তক খাদ্য যোগান আৰু প্ৰস্তুতকৰণৰ বাবে ২০ জনতকৈ অধিক কর্মী – স্বেচ্ছাসেৱক নিয়োগ কৰা হৈছে।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ত উপাসনা কলা কেন্দ্ৰৰ ৰূপালী জয়ন্তী অনুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি
- আগন্তুক দিনত ৰাজ্যত পুনৰ গাজনি, ঢেৰেকনি , বজ্ৰপাত , ধুমুহাৰ সৈতে প্ৰৱল বৃষ্টিপাতৰ সম্ভাৱনা
- ৰাণীৰ জয়পুৰত বন বিভাগৰ উদ্যোগত বিশ্ব ধৰিত্ৰী দিৱস পালন
- খানামুখত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত “মায়াবিনী ৰাতি” শীৰ্ষক সাংস্কৃতিক অনুষ্ঠান
- অসম বন বিদ্যালয়ত বন্যপ্ৰাণী বিশেষজ্ঞ ডঃ আনোৱাৰুদ্দিন চৌধুৰীৰ গ্ৰন্থ ‘ৱাৰ্ডছ অৱ দীপৰ বিল’ উন্মোচন
- ৰাষ্ট্ৰীয় অসামৰিক সেৱা দিৱস পালন
- নতুন দিল্লীত অসম এছ’চিয়েচনৰ উদ্যোগত ৰঙালী বিহু উদযাপন
- প্ৰাকৃতিক পৰিবেশত দেৱকান্ত বৰদলৈৰ গ্ৰন্থ অতীতৰ সন্ধানত- ৪ৰ্থ খণ্ড উন্মোচন
- ৩৫তম কাৰ্বি দেহাল কাৰ্চিদম উৎসৱৰ প্ৰস্তুতি