বান সাহাৰ্য প্ৰদানকাৰী সংস্থা, স্বেচ্ছাসেৱী সংগঠনলৈ কামৰূপ জিলা প্ৰশাসনৰ বিশেষ আহ্বান

0 247

ৰাজ্যখনৰ বিভিন্ন জিলাৰ লগতে কামৰূপ জিলাৰ কেইবাটাও ৰাজহ চক্ৰ এলেকাৰ বিভিন্ন গাঁও সম্প্ৰতি বানত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে। হাজো, কমলপুৰ, ৰঙিয়া, কঞা, উত্তৰ গুৱাহাটী, পলাশবাৰী, ছয়গাঁও, গৰৈমাৰী আদি ৰাজহ চক্ৰৰ অধীনৰ বিভিন্ন ঠাইৰ বানাক্ৰান্তই যথেষ্ট দুৰ্যোগৰ সম্মুখীন হৈছে। জিলা প্ৰশাসনৰ তৰফৰ পৰা সাহাৰ্য তথা উদ্ধাৰ অভিযান ক্ষীপ্ৰতৰ কৰি তোলা হৈছে। বানাক্ৰান্ত সকললৈ সহায়ৰ হাত আগবঢ়োৱাৰ বাবে বহু ব্যক্তি, স্বেচ্ছাসেৱী সংগঠন, ব্যাক্তিগত সংন্থাই আগবাঢ়ি অহাটো এক আশাপ্ৰদ বিষয়। কিন্তু এই সংস্থা বা সংগঠন সমূহে যাতে সাহাৰ্য প্ৰদান প্ৰক্ৰিয়াত জিলা প্ৰশাসন বা চক্ৰ বিষয়াক অৱগত কৰে তাৰ বাবে কামৰূপ জিলা প্ৰশাসনে সংশ্লিষ্ট সকলোলৈকে বিনম্ৰ অনুৰোধ জনাইছে যাতে প্ৰকৃত বানাক্ৰান্তই এই সাহাৰ্য প্ৰাপ্তিৰ পৰা কোনো প্ৰকাৰে বঞ্চিত নহয়। জিলা প্ৰশাসন আৰু সংশ্লিষ্ট ৰাজহ চক্ৰ বিষয়া সকলে সংস্থা বা সংগঠন সমূহক এই ক্ষেত্ৰত সকলো ধৰণৰ সহায়- সহযোগিতা আগবঢ়াব বুলি জানিব পৰা গৈছে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.