অচিৰেই গঢ় লৈ উঠিব উপকৰ বিহীন বজাৰ

0 239

অসম ৰাজ্যিক কৃষি সামগ্ৰী বিপনন পৰিষদৰ উদ্যোগত কৃষক ৰাইজ আৰু কৃষিজাত সামগ্ৰী বেহা বেপাৰ কৰা ক্ষুদ্ৰ ব্যৱসায়ীক মধ্যকালী হাতোৰাৰ পৰা ৰক্ষা কৰিবলৈ গুৱাহাটীত নিৰ্মান কৰা হৈছে তিনি মহলীয়া বজাৰ গৃহ ৷ গড়চুকৰ সমীপৰ পামহীত প্ৰায় ছয় বছৰ পূৰ্বে স্থাপন কৰা ফল-মূল , শাকপাচলি পাইকাৰী বজাৰৰ চৌহদত নতুনকৈ নিৰ্মান কৰিছে এই তিনি মহলীয়া বজাৰ গৃহ ৷
 
পৰিষদৰ সূত্ৰই সদৰি কৰা মতে উত্তৰ পূব পৰিষদৰ পৰা লাভ কৰা প্ৰায় ১৪ কোটি টকাৰে নিৰ্মান কৰা হৈছে বজাৰ গৃহটো ৷ বজাৰ গৃহ ভূমি মহলা নিৰ্মানৰ কাম ইতিমধ্যে শেষ হৈছে ৷
 
২০১৮ চনত পৰিষদৰ অধ্যক্ষ ললিত কুমাৰ বৰাৰ তৎপৰতাত নিৰ্মানৰ কাম আৰম্ভ হোৱা বজাৰ গৃহটোৰ তৃতীয় পৰ্যায়ৰ বজাৰ গৃহটো নিৰ্মানৰ কাম চলিত বছৰৰ মাজভাগত সম্পন্ন হ’ব ৷
 
বৰ্তমান পামহী বজাৰলৈ দৈনিক গড় হিচাপত অসমৰ উপৰিও পশ্চিমবংগ , গুজৰাট , বিহাৰ , মহাৰাষ্ট্ৰ আৰু দিল্লীকে ধৰি বিভিন্ন বজাৰৰ পৰা পাঁচ হাজাৰৰ পৰা সাত হাজাৰ টন শাকপাচলি , ফলমূল এই বজাৰলৈ আহে ৷ লক্ষণীয়ভাৱে উত্তৰ পূৱৰ প্ৰথমখন উপকৰ বিহীন বজাৰ পামহী বজাৰ ৷
 
অসম চৰকাৰ সহযোগত পৰিষদৰ অধ্যক্ষ ললিত কুমাৰ বৰাৰ নেতৃত্বত উপকৰ নোলোৱাকৈ বিজ্ঞানসন্মত আৰু শৃংখলাৱদ্ধ ভাৱে চলি থকা প্ৰথমখন পাইকাৰী বজাৰ ৷ গুৱাহাটীকে ধৰি উত্তৰ পূৱৰ বিভিন্ন ৰাজ্যলৈ শাকপাচলি , ফলমূল যোগান ধৰা বজাৰখনে পাঁচ শতাধিক নিবনুৱাক সংস্থাপন দিবলৈ সক্ষম হৈছে ৷ তৃতীয় পৰ্যায় নৱনিৰ্মিত তিনি মহলীয়া বজাৰ গৃহটো নিৰ্মান সম্পূৰ্ণ হলে পাঁচ শতাধিক ক্ষুদ্ৰ ব্যৱসায়ীক সংস্থাপন দিব পৰা যাব বুলি মন্তব্য কৰে ৷ লক্ষণীয় যে পূৰ্ৱতে পৰিষদৰ ফালৰ পৰা ফলমূল , শাকপাচলিকে ধৰি ৯০ বিধ সামগ্ৰীত উপকৰ সংগ্ৰহ কৰা হৈছিল৷
 
কিন্তু ইয়াৰে ৩৯ টা সামগ্ৰীত ৰেহাই দিয়াৰ পাছত ৫১ বিধ সামগ্ৰীত উপকৰ সংগ্ৰহ কৰা হয় ৷সমান্তৰালভাৱে ২০১৭-২০১৮ বৰ্ষত চেকগেট সমূহ বন্ধ কৰি হৈ যোৱাত উপকৰ সমূহ কমি যোৱা হ’ব বুলি ভবা হৈছিল যদিও পৰিষদৰ অধ্যক্ষ আৰু বিষয়া কৰ্মচাৰী তৎপৰতাত সমান্তৰালভাৱে উপকৰ সংগ্ৰহ কৰা হয় ৷

Leave A Reply

Your email address will not be published.