ৰাজ্যত ক্ৰমান্বয়ে আৰম্ভ হ’ব আনলক প্ৰক্ৰিয়া।জিলা সমূহত ক’ভিড পৰিস্থিতি যিহেতু অধিকাংশ জিলাতেই ভাল হৈছে তাৰ বাবে ১৬ জুনৰ পৰা আনলকৰ দ্বিতীয় পৰ্যায়ৰ আৰম্ভ হোৱা পূৰ্ণ সম্ভাৱনা। মন্ত্ৰী কেশৱ মহন্তই এই কথা জনাইছে।ক’ৰণা নিয়ন্ত্ৰিত ৰাজ্যত শিথিল কৰা হ’ব সান্ধ্য আইন। ৰাজ্যত দোকান খোলা যি সময় সীমা আছিল ,বৃদ্ধি কৰা হ’ব সেই সময়সীমা।সেই অনুসৰি ৰাজ্যত কাইলৈ পৰা নতুন SOP জাৰি কৰা হ’ব পাৰে।গুৱাহাটীত পূবতকৈ পৰ্যায়ক্ৰমে ক’ভিড পৰিস্থিতি উন্নত হৈছে ।দেওবাৰ দিনটোত কামৰূপ মহানগৰত ২২৬ জন লোক ক’ৰণাত আক্রান্ত হৈছে।শনিবাৰে এই সংখ্যা আছিল ২৪৬ জন ।১৬ জুনৰ পৰা পৰ্যায়ক্ৰমে হ’ব আনলক প্ৰক্ৰিয়া। আনহাতে ক’ভিড পৰিস্থিতি ওপৰত ৫ খন জিলা বাবে এতিয়াও পৰ্যালোচনা চলি আছে ।কিয়নো এই পাঁচ খন জিলাত বিগত ১০/১১ দিনত মুঠ আক্রান্ত সংখ্যা ২৫০০ তকৈও বেছি আছে।জিলাকেইখন কাছাৰ,ডিব্ৰুগড়, তিনিচুকীয়া,নগাঁও আৰু বিশ্বনাথ। জানিব পৰা মতে এই পাঁচ খন জিলাত সময় সীমা শিথিল নহ’ব পাৰে কিন্তু তেখেতে জানিব দিয়া অনুসৰি সকলো ৰাজ্যতে কাৰৰ্ফিউ দীঘলীয়া হ’ব।কাইলৈ সেই অনুসৰি SOP প্ৰকাশ পোৱা পূৰ্ণ সম্ভাৱনা আছে।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন