ভাৰত পৰ্যটনৰ উত্তৰ পূবৰ ক্ষেত্ৰীয় সঞ্চালকে আমন্ত্ৰণ লাভ কৰিছে মস্কোৰ ভাৰত দিৱস মহোৎসৱলৈ

0 219

বিশিষ্ট কবি তথা ভাৰত পৰ্যটনৰ উত্তৰ পূবৰ ক্ষেত্ৰীয় সঞ্চালক শঙ্খশুভ্র দেৱবৰ্মনে ৰাছিয়াৰ মস্কোত অনুষ্ঠিত হ’ব লগীয়া সপ্তম সংখ্যাক ভাৰত দিৱস মহোৎসৱলৈ আমন্ত্ৰণ লাভ কৰিছে।উল্লেখযোগ্য যে এই মহোৎসৱখন ১২ আগষ্ট পৰা ১৪ আগষ্টলৈ অনুষ্ঠিত হ’ব।
বিগত বৰ্ষৰ দৰে এইবাৰো ৰাষ্ট্ৰীয় সাংস্কৃতিক কেন্দ্ৰ দ্বাৰা এই মহোৎসৱখন আয়োজন হৈছে। এই ভাৰত দিৱস হৈছে ভাৰতৰ স্বাধীনতা উদযাপন আৰু মস্কোৰ অন্যতম বৃহৎ উৎসৱ।প্ৰতি বছৰে এই মহোৎসৱত ১.৫ নিযুতৰো অধিক লোকে অংশগ্ৰহণ কৰে।এই মহোৎসৱত ৰাছিয়াৰ সংস্কৃতিৰ সৈতে ভাৰতৰ সংস্কৃতি, ঐতিহ্যৰ আদান প্ৰদান হয়।প্ৰতি বছৰে এই উৎসৱলৈ ভাৰতৰ বিশিষ্ট ব্যক্তি সকলক অতিথি হিচাপে আমন্ত্ৰণ জনায়। চলিত বৰ্ষত মস্কোলৈ আমন্ত্ৰণ লাভ কৰাৰ বাবে ক্ষেত্ৰীয় সঞ্চালক জনে অত্যন্ত সুখী বুলি মন্তব্য কৰিছে।

Leave A Reply

Your email address will not be published.