অতিশয় দক্ষ আৰু উৎসৰ্গীকৃত বিষয়াৰ এটা দলৰ সৈতে বিগত চাৰে-তিনিটা বছৰে কাম কৰিবলৈ পোৱাটো আছিল জীৱনৰ এক মধুৰ অভিজ্ঞতা : সিংঘল

0 53

গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিষয়াসকলে আজি বিভাগটোৰ বিদায়ী মন্ত্ৰী অশোক সিংহলক আনুষ্ঠানিকভাৱে বিদায় সম্বৰ্ধনা জ্ঞাপন কৰে। জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ পুৰণি সচিবালয়ৰ সভাকক্ষত আয়োজিত এক বিশেষ অনুষ্ঠানত বিভাগটোৰ আয়ুক্ত-সচিব কবিতা পদ্মনাভনৰ লগতে বিভিন্ন শাখা বিভাগৰ শীৰ্ষ বিষয়াসকলে ফুলৰ থোপা আৰু গামোচাৰে মন্ত্ৰীগৰাকীক বিভাগটোৰ পৰা বিদায় জনোৱাৰ লগতে বিগত সময়ছোৱাত তেওঁৰ নেতৃত্বত কাম কৰা সময়ৰ স্মৃতি ৰোমন্থন কৰে।

বিভাগটোৰ বিষয়াসকলক সম্বোধন কৰি প্ৰদান কৰা আৱেগিক ভাষণত মন্ত্ৰী সিংহলে কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত বিগত চাৰে তিনিটা বছৰে গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ দৰে এটা অত্যন্ত গুৰুত্বপূৰ্ণ বিভাগৰ দায়িত্ব চম্ভালিবলৈ পোৱাটো তেওঁৰ বাবে আছিল এক অতিশয় গৌৰৱৰ কথা। এই সময়ছোৱাত বিভাগটোৱে হাতত লোৱা বিভিন্ন কাম-কাজ আৰু পদক্ষেপসমূহৰ কথা উল্লেখ কৰি তেওঁ কয় যে আয়ুক্ত-সচিব কবিতা পদ্মনাভনৰ নেতৃত্বত অতিশয় দক্ষ আৰু উৎসৰ্গীকৃত বিষয়াৰ এটা দলৰ সৈতে এই সময়ছোৱাত কাম কৰিবলৈ পোৱাটো তেওঁৰ বাবে অতিশয় মধুৰ অভিজ্ঞতা। দশকজুৰি মৃতপ্ৰায় হৈ থকা জাইকা সাহায্যপ্ৰাপ্ত গুৱাহাটী পানীযোগান আঁচনিৰ পুনৰুজ্জীৱিতকৰণ, ব্ৰহ্মপুত্ৰ নদীমুখ উন্নয়ন প্ৰকল্প, ৰাজ্যৰ বিভিন্ন চহৰত পানীযোগান প্ৰকল্প আৰু আৱৰ্জনা ব্যৱস্থাপনা প্ৰকল্প স্থাপন, প্ৰতিখন চহৰৰে মাষ্টাৰ প্লেন প্ৰস্তুত, পথ আলোকীকৰণ ব্যৱস্থাৰ শুভাৰম্ভ, অসম নগৰ প্ৰশাসনিক সেৱা, বিত্তীয় সেৱা আৰু অভিযান্ত্ৰিক সেৱাৰ নতুন কেডাৰ সৃষ্টি আদিৰ দৰে বিগত চাৰে তিনিটা বছৰত বিভাগটোৱে লাভ কৰা উল্লেখযোগ্য সফলতাৰ বাবে তেওঁ প্ৰতিগৰাকী বিষয়া-কৰ্মচাৰীৰ প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। নতুনকৈ দায়িত্বপ্ৰাপ্ত মন্ত্ৰীগৰাকীৰ নেতৃত্বতো একেই গতিশীলতা আৰু দায়বদ্ধতাৰে কাম কৰি ৰাজ্যৰ নগৰাঞ্চলক অধিক উজলাই তোলাৰ বাবে কাম কৰিবলৈ তেওঁ বিভাগৰ বিষয়া-কৰ্মচাৰীসকলৰ প্ৰতি আহ্বান জনায়।

Leave A Reply

Your email address will not be published.