সাহিত্য সংস্কৃতিমূলক অনুষ্ঠান অন্বেষ গোষ্ঠীৰ ১০২ সংখ্যক মাহিলী বৈঠকখন আজি ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হয় । অন্বেষ গোষ্ঠীৰ সভাপতি ডঃ দিলীপ কুমাৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকৰ আৰম্ভণিতে অন্বেষ সংগীত পৰিৱেশন কৰে গোষ্ঠীৰ সদস্য সদস্যা সকলে । উপস্থিত সকলোকে আদৰণি জনাই অন্বেষ গোষ্ঠীৰ সম্পাদক পৰীক্ষিত হালৈয়ে । কাৰ্যসূচীৰ লগত সংগতি ৰাখি আয়োজন কৰা গ্ৰন্থ উন্মোচনৰ প্ৰাকমুহূৰ্তত ধীৰেশ্বৰ দাসে এটি বৰগীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে । ইয়াৰ পিছত সুলেখিকা বন্তি শইকীয়াৰ “কণমইনাৰ সাধু” গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে জ্যেষ্ঠ কৃষি বিজ্ঞানী ডঃ নলিনী কান্ত শৰ্মাই ।গ্ৰন্থখন উন্মোচন কৰি কৃষি বিজ্ঞানী ডঃ শৰ্মাই গ্ৰন্থ লিখা আৰু প্ৰকাশৰ দায়িত্ব সম্পৰ্কত এক মননশীল বক্তব্য প্ৰদান কৰে ।লগতে সুলেখিকা বন্তি শইকীয়াই গ্ৰন্থখনৰ সৃষ্টিৰ অন্তৰালত থকা কথা আৰু সাম্প্ৰতিক সময়ত সাধুকথাৰ স্থিতি সন্দৰ্ভত আলোকপাত কৰে । অন্বেষ গোষ্ঠীৰ সহকাৰী সম্পাদক অতুল কলিতাই আঁত ধৰা অনুষ্ঠানটোত নিজৰা বৰুৱা কলিতা, কৰুণা কান্ত শৰ্মা, ডা: চন্দনা মেধি দাস, নিভাৰাণী বৰা, মনোমতী অধিকাৰী, ৰিজুমণি বৰা, গীতাঞ্জলি শইকীয়া, ফুলমতী বৈশ্য, মাইটি কাকতি দাস আদিয়ে কবিতা পাঠ কৰে । মীৰাৰাণী কলিতাই প্ৰৱন্ধ পাঠ কৰে । ইপিনে সোণাপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ মণিৰাম কলিতাই তেওঁৰ “সান্নিধ্য”, অৱসৰপ্ৰাপ্ত শিক্ষক কালিচৰণ ৰাজবংশীয়ে “অখণ্ড জ্যোতি” আৰু অঞ্জুৰাণী দেৱীয়ে “উদ্দীপ্ত সূৰ্য” শীৰ্ষক স্বৰচিত গ্ৰন্থ কেইখন অন্বেষ গোষ্ঠীৰ পুথিভঁৰাললৈ আগবঢ়ায় । অনুষ্ঠানটোত তৰুলতা ৰাজবংশীয়ে আধুনিক গীত, পদ্মাক্ষী দেৱীয়ে বিয়াগীত আৰু দীপিকা মালাকাৰে জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে । সভাত উপস্থিত থাকি জগদীশ গোস্বামী, ডঃ গগন জ্যোতি বৰা, দেবেন দাস প্ৰমুখ্যে কেবা গৰাকী বিশিষ্ট ব্যক্তিয়ে ভাষণ আগবঢ়ায়।
Trending
- অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ
- আম্বেদকাৰ জয়ন্তী উদযাপন
- অসম সহ উত্তৰ পূৱত ভূমিকম্পৰ জোকাৰণি
- গুৱাহাটীৰ মেঘালয় সীমান্ত সংলগ্ন ৰাইজৰ মাজত ভোটদানৰ সজাগতা বৃদ্ধিৰ বাবে আৰক্ষীৰ পথ সঞ্চালন অভিযান
- ৭ এপ্ৰিলত সন্ধিয়া ৫:০০ বজাৰ পৰা আৰম্ভ নীৰৱতাৰ সময়
- লেখিকা মণিৰূপা মিশ্ৰৰ ‘অনুভৱৰ কেইটিমান পৃষ্ঠা’ কাব্যগ্ৰন্থ উন্মোচন
- গুৱাহাটীৰ কাষৰীয়া মেঘালয় সীমান্তবৰ্তী পথ আৰু অঞ্চলত আৰক্ষী – প্ৰশাসনৰ ব্যাপক সতৰ্কতা- প্ৰৱেশ পথত চি চি টি ভি স্থাপন
- গুৱাহাটী বিশ্ববিদ্যালয়ত অসম ছাত্ৰ দিৱস উদযাপন
- ৰাণীত বিজেপিৰ নিৰ্বাচনী সভা -এইবাৰৰ নিৰ্বাচন উন্নয়নৰ স্বাৰ্থত নিৰ্বাচন – নীতিন গাডকাৰী
- কামৰূপ (ম) জিলাত মাইক্ৰ’অৱজাৰভাৰৰ প্ৰশিক্ষণ