সাহিত্য সংস্কৃতিমূলক অনুষ্ঠান অন্বেষ গোষ্ঠীৰ ১০২ সংখ্যক মাহিলী বৈঠকখন আজি ধাৰাপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত অনুষ্ঠিত হয় । অন্বেষ গোষ্ঠীৰ সভাপতি ডঃ দিলীপ কুমাৰ কলিতাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকৰ আৰম্ভণিতে অন্বেষ সংগীত পৰিৱেশন কৰে গোষ্ঠীৰ সদস্য সদস্যা সকলে । উপস্থিত সকলোকে আদৰণি জনাই অন্বেষ গোষ্ঠীৰ সম্পাদক পৰীক্ষিত হালৈয়ে । কাৰ্যসূচীৰ লগত সংগতি ৰাখি আয়োজন কৰা গ্ৰন্থ উন্মোচনৰ প্ৰাকমুহূৰ্তত ধীৰেশ্বৰ দাসে এটি বৰগীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে । ইয়াৰ পিছত সুলেখিকা বন্তি শইকীয়াৰ “কণমইনাৰ সাধু” গ্ৰন্থখন আনুষ্ঠানিক ভাৱে উন্মোচন কৰে জ্যেষ্ঠ কৃষি বিজ্ঞানী ডঃ নলিনী কান্ত শৰ্মাই ।গ্ৰন্থখন উন্মোচন কৰি কৃষি বিজ্ঞানী ডঃ শৰ্মাই গ্ৰন্থ লিখা আৰু প্ৰকাশৰ দায়িত্ব সম্পৰ্কত এক মননশীল বক্তব্য প্ৰদান কৰে ।লগতে সুলেখিকা বন্তি শইকীয়াই গ্ৰন্থখনৰ সৃষ্টিৰ অন্তৰালত থকা কথা আৰু সাম্প্ৰতিক সময়ত সাধুকথাৰ স্থিতি সন্দৰ্ভত আলোকপাত কৰে । অন্বেষ গোষ্ঠীৰ সহকাৰী সম্পাদক অতুল কলিতাই আঁত ধৰা অনুষ্ঠানটোত নিজৰা বৰুৱা কলিতা, কৰুণা কান্ত শৰ্মা, ডা: চন্দনা মেধি দাস, নিভাৰাণী বৰা, মনোমতী অধিকাৰী, ৰিজুমণি বৰা, গীতাঞ্জলি শইকীয়া, ফুলমতী বৈশ্য, মাইটি কাকতি দাস আদিয়ে কবিতা পাঠ কৰে । মীৰাৰাণী কলিতাই প্ৰৱন্ধ পাঠ কৰে । ইপিনে সোণাপুৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ডঃ মণিৰাম কলিতাই তেওঁৰ “সান্নিধ্য”, অৱসৰপ্ৰাপ্ত শিক্ষক কালিচৰণ ৰাজবংশীয়ে “অখণ্ড জ্যোতি” আৰু অঞ্জুৰাণী দেৱীয়ে “উদ্দীপ্ত সূৰ্য” শীৰ্ষক স্বৰচিত গ্ৰন্থ কেইখন অন্বেষ গোষ্ঠীৰ পুথিভঁৰাললৈ আগবঢ়ায় । অনুষ্ঠানটোত তৰুলতা ৰাজবংশীয়ে আধুনিক গীত, পদ্মাক্ষী দেৱীয়ে বিয়াগীত আৰু দীপিকা মালাকাৰে জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে । সভাত উপস্থিত থাকি জগদীশ গোস্বামী, ডঃ গগন জ্যোতি বৰা, দেবেন দাস প্ৰমুখ্যে কেবা গৰাকী বিশিষ্ট ব্যক্তিয়ে ভাষণ আগবঢ়ায়।
Trending
- ৰাজীৱ ভৱনত শিল্পী দিৱস পালন, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক স্মৰণ
- ৰাষ্ট্ৰীয় ষ্টাৰ্টআপ দিৱসৰ দিনা বেংগালুৰু আৰু গুৱাহাটীত এইচ ডি এফ চি বেংকৰ ষ্টাৰ্টআপ লাউঞ্জ মুকলি
- Nefocus initiative-Seismic Safety Conclave
- 12th Inter-District Roller Skating Championship by APRINS in Guwahati from Jan 10 with the Theme From Turf to Table
- এইচ ডি এফ চি বেংক স্মাৰ্টগেটৱে পেমেণ্ট প্লেটফৰ্মে চিবিডিচি (ডিজিটেল টকা) একত্ৰিত কৰে
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ ঘোষণা ; মাঘ বিহুৰ উৰুকাৰ সময়লৈ শীত প্ৰৱাহ অব্যাহত থকাৰ সম্ভাবনা
- বিভিন্ন ৰাষ্ট্ৰীয়–আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ‘শিপা-ঝাৰ’ তথ্যচিত্ৰৰ উজ্জ্বল সফলতা
- 40 High‑Speed Inflatable Boats Handed Over to Fire & Emergency Services
- আকাশত মাজে সময়ে সূৰুয দেৱতাই ভুমুকি মাৰিলেও অব্যাহত থাকিব শীতৰ প্ৰকোপ
- মহানগৰীৰ পশ্চিম প্ৰান্তৰ ধাম-মন্দিৰত বিৰ-দি-বাট নোপোৱা পৰিৱেশ -নৱবর্ষক আদৰিবলৈ উদগ্ৰীৱ অধিকাংশ ভক্তপ্ৰাণ ৰাইজ