চলিত বর্ষৰ পৰা আৰম্ভ হোৱা ‘জগন্নাথ ঠাকুৰ সাহিত্য সন্মান’ প্রথমবাৰৰ বাবে অসমীয়া গল্প সাহিত্যৰ ক্ষেত্রখনলৈ চাৰি দশকধৰি উল্লেখযোগ্য অৱদান আগবঢ়োৱা বিশিষ্ট গল্পকাৰ, অভিনেতা তপন দাসক প্রদান কৰা হ’ব৷ আজি এক প্রেছ বিবৃতিৰ জৰিয়তে এই কথা ঘোষণা কৰিছে জগন্নাথ ঠাকুৰ স্মৃতি ন্যাসে৷ বিবৃতিটোত ন্যাসে প্রকাশ কৰা অনুসৰি অহা ৮ নৱেম্বৰত গুৱাহাটীত এই বঁটা প্রদান কৰা হ’ব৷ এই বঁটাত আছে এটা স্মাৰক, এখন প্রশস্তি পত্র আৰু নগদ পঞ্চাশ হাজাৰ টকা৷উল্লেখযোগ্য যে অসম অসামৰিক সেৱাৰ এগৰাকী দক্ষ বিষয়া হিচাপে সততাৰে কার্যনির্বাহ কৰা, এগৰাকী নিষ্ঠাৱান পঢ়ুৱৈ জগন্নাথ ঠাকুৰৰ নামত এই বঁটা দিয়া হ’ব৷ ২০২১ বর্ষৰ লগতে বিগত দুটা বছৰৰ গল্প সংকলনৰ বাবে নাইবা গল্পৰ ক্ষেত্রলৈ আগবঢ়োৱা বিশেষ অৱদানৰ বাবে এই বঁটা প্রদান কৰাৰ পৰিকল্পনা জগন্নাথ ঠাকুৰ স্মৃতি ন্যাসৰ৷
Trending
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls