সত্ৰীয়া সংস্কৃতিৰ সাধক  বসন্ত কুমাৰ মিলিক দামোদৰ দেৱ বটাঁ-২০২১  প্ৰদান

0 211

সত্ৰীয়া সংস্কৃতিৰ স্বৰ্ণপীঠ নদী দ্বীপ মাজুলীৰ ঐতিহাসিক শ্ৰী শ্ৰী আউনীআটী সত্ৰই ২০১২ বৰ্ষৰ পৰা প্ৰৱৰ্তন কৰি অহা দামোদৰ দেব বঁটা-২০২১ সোমবাৰে  আধ্যাত্মিক পৰিবেশৰ মাজত প্ৰদান কৰা হয়।  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ  অমূল্য  সত্ৰীয়া কৃষ্টি সংস্কৃতিৰ  প্ৰসাৰ আৰু প্ৰচাৰেৰে  সাম্প্ৰতিক অবক্ষয়ী সমাজক নতুন  মাত্ৰা প্ৰদান কৰিবলৈ  অহোপুৰুষাৰ্থ  প্ৰয়াস চলাই অহা মাজুলী।জিলাৰ কমলাবাৰীৰ  নীৰৱ সাংস্কৃতিক সাধক  বসন্ত কুমাৰ মিলিক সোমবাৰে  এই বঁটা প্ৰদান কৰা হয়। সত্ৰীয়া সংস্কৃতিৰ  চৰ্চাৰ সমান্তৰাল ভাৱে নৃগোষ্ঠীয়  কৃষ্টি সংস্কৃতিৰো নিৰলস প্ৰচাৰ অব্যাহত ৰখা  লোক কৃষ্টিৰ সাধক মিলিক সোমবাৰে কাতি বিহুৰ দিনা সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱ গোস্বামীৰ চ’ৰাত  অনুষ্ঠিত এক  অনুষ্ঠানত এই বটাঁৰে বিভূষিত কৰে সত্ৰাধিকাৰ গৰাকীয়ে।  আয়তীৰ উৰুলি,   ভকত বৈষ্ণৱৰ হাত চাপৰি, মংগল ধ্বনি আৰু হৰি ধ্বনিৰ মাজত সত্ৰাধিকাৰ গৰাকীয়ে গুৰু জনাক স্মৰণ কৰি বঁটা প্ৰাপক মিলিক চেলেং চাদৰ ,গামোচা,সঁফুৰা, প্ৰশস্তি পত্ৰ ,গ্ৰন্থ সম্ভাৰ  আৰু নগদ ধন ৰাশি প্ৰদান কৰি  নিজস্ব সাংস্কৃতিক সাধনা অব্যাহত ৰখাৰ বাবে উদ্বুদ্ধ কৰি  ভূয়সী প্ৰশংসা কৰে ।  অসমীয়া জাতীয়  লোক উৎসৱ কাতি বিহুৰ দিনাই মাজুলী জিলাৰ কমলাবাৰীৰ এইগৰাকী  মিচিং জনগোষ্ঠীৰ একনিষ্ঠ সাংস্কৃতিক প্ৰচাৰকলৈ চলিত বৰ্ষৰ এই বিশেষ মৰ্যদাবাহক বঁটা আগবঢ়োৱাত মিলিৰ গৃহ ভূমি  কমলাবাৰী ঢাপক গাঁওত আনন্দৰ বন্যা বৈছে।
বাতৰি যুগুতালে অমৃত পৱন বৰায়ে।

Leave A Reply

Your email address will not be published.