ৰাজ্যিক দৃষ্টিহীন ক্ৰিকেট দলত স্থান পালে টীয়কৰ অজয়ে

0 236

২৪ অক্টোবৰৰ পৰা চণ্ডিগড়ত অনুষ্ঠিত হ’ব লগা ৰাষ্ট্ৰীয় দৃষ্টিহীন ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লগা অসম দলক প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছে যোৰহাট জিলাৰ টীয়কৰ মনোময় চাহ বাগিচাৰ অজয় মুণ্ডাই। পোন প্ৰথমবাৰৰ বাবে দৃষ্টিহীন সকলক লৈ গঠন কৰা অসমৰ ক্ৰিকেট দলটোত প্ৰতিনিধিত্ব কৰিবলৈ সুযোগ পোৱা অজয়ক লৈ উৎফুল্লিত মনোময় চাহ বাগিচাৰ বাসিন্দা সকল ।গুৱাহাটীত অনুষ্ঠিত হোৱা অনুশীলনত ভাগ লোৱা প্ৰায় ৪০ গৰাকী খেলুৱৈৰ মাজৰ পৰা নিৰ্বাচন কৰা ১৪ গৰাকী খৈলুৱৈৰ ভিতৰত অজয় অসম দলৰ অন্যতম এজন খেলুৱৈ । ইতিমধ্যে ঘৰতে অনুশীলনত ব্যস্ত আছে অজয়।অজয়ৰ এই সফলতাত এতিয়া টীয়কবাসী গৌৰৱাম্বিত।উল্লেখযোগ্য যে বৰ্তমান স্নাতক প্ৰথম ষান্মাসিকক অধ্যয়ন কৰি থকা অজয়ে ক্ৰিকেটৰ উপৰিও কেৰমবৰ্ড,ফুটবল আদি খেলৰ প্ৰতি আগ্ৰহী।লগতে সাংস্কৃতিকভাৱেও তবলা বিশাৰদ।চাহ বাগিছা অঞ্চলত বিশেষ কোনোধৰণৰ সা সুবিধা নথকাৰ সত্তেও অজয়ে নিজৰ মানসিক শক্তিৰ বলত আজি নিজকে অসম দলত অন্তৰ্ভূক্ত কৰি এজন সফল খেলুৱৈ হিচাপে প্ৰতিষ্ঠা হ’বলৈ সক্ষম হৈছে আৰু অনাগত দিনতো অধিক অধ্যৱসায়ৰ জড়িয়তে টীয়ক তথা অসমৰ নাম আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলাবলৈ চেষ্টা অব্যাহত ৰাখিব বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছে।সেয়ে এই ক্ষেত্ৰত সদৌ অসমবাসীৰ আৰ্শীবাদ কামনা কৰিছে উদিয়মান খেলুৱৈগৰাকীয়ে।
বাতৰি যুগুতালে টীয়কৰ পৰা উৎপল জ্যোতি খাউণ্ডে

Leave A Reply

Your email address will not be published.