অভিৱর্তন সম্পন্ন

0 344

‘ভাৰতীয় কাৰিকৰী শিক্ষা পৰিষদৰ পৃষ্ঠপোষকতাত অসম ডনবস্ক’ বিশ্ববিদ্যালয়ত দ্বিতীয় অভিযান্ত্ৰিক আৰু প্ৰযুক্তিত আৱিৰ্ভূত ধাৰা ২০২২’ (Emerging Global Trends in Engineering and Technology 2022) শীর্ষক অভিৱর্তন

অসম ডনবস্ক বিশ্ববিদ্যালয়ৰ অন্তৰ্গত প্রযুক্তিবিদ্যা বিদ্যালয়ত দ্বিতীয়বাৰৰ বাবে যোৱা ২১, ২২ আৰু ২৩ এপ্রিল তাৰিখে ‘অভিযান্ত্ৰিক আৰু প্ৰযুক্তিত আবির্ভূত ধাৰা ২০২২ (Emerging Global Trends in Engineering and Technology 2022) শীর্ষক এখনি অভিৱৰ্ত্তন অনুষ্ঠিত হৈ যায় । অভিৱৰ্ত্তনখনিৰ সন্দৰ্ভত মুখ্য তত্বাবধায়ক ড০ ববী শর্মাই কয় যে অভিযান্ত্ৰিক আৰু কাৰিকৰী শিক্ষাৰ বিভিন্ন বিভাগৰ ন ন উদ্ভাৱনৰ পুংখানুপুংখ বৃত্তান্ত পৰিৱেশন তথা মতামত বিনিময়ৰ উদ্দেশ্য আগত ৰাখিয়েই এই অভিৱৰ্ত্তনথনিৰ আয়োজন কৰা হৈছে । ভিৱৰ্ত্তনথনিৰ উদ্বোধনী অনুষ্ঠানটি অসম ডনবস্কা বিশ্ববিদ্যালয়ৰ আজাৰা প্ৰাংগনভ অনুষ্ঠিত হয়। বস্তি প্রজ্জ্বলনেৰে আৰম্ভ হোৱা উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান, গুৱাহাটীৰ সঞ্চালক অধ্যাপক টি জি সীতাৰাম, উত্তৰ পূন্ন মহাকাশ গবেষণা কেন্দ্ৰৰ সঞ্চালক ড০ এছ সি আগৰৱাল আৰু ভাৰতীয় তথ্য আৰু প্ৰযুক্তিবিদ্যা প্রতিষ্ঠান গুৱাহাটীৰ সঞ্চালক গৌতম বৰুৱা উপস্থিত থাকে। অনুষ্ঠানটিভ অনলাইন যোগে উপস্থিত থাকি আৰ বি এছ উপ সঞ্চালক, লীডাৰশ্বিপৰ অধ্যাপক, এম আই টি জে ৱেল প্রজেক্টৰ সঞ্চালক, ৰিগা, লাটভিয়াৰ অধ্যাপক ক্লউডিয়া ৰিভেৰাই তেওঁৰ উদ্বোধনী ভাষণত কয় যে প্রমূল্যবোধ অবিহনে হোৱা প্ৰযুক্তিবিদ্যাৰ অগ্রগতিয়ে মানৱ জাতিলৈ অশনি সংকেত কঢ়িয়াই আনিছে । সেয়েহে মানবীয় প্ৰমূল্যবোধৰ প্ৰতি লক্ষ্য ৰাখি প্ৰযুক্তিগত উদ্ভাৱনৰ ওপৰত গুৰুত্ব প্ৰদান কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায় ।

অনুষ্ঠানৰ মূখ্য অতিখি স্মার্ট আৰু চাচটেইনেবেল চিটি ৰিছাৰ্ছ ক্লাষ্টাৰ, অভিযান্ত্রিক আৰু তথ্য বিজ্ঞান, ৱলংগং বিশ্ববিদ্যালয়, ডুবাইৰ ড০ ষ্টিফেন ফিলিপ ৱিলকিনছনে বহনক্ষম আৰু স্মার্ট প্রযুক্তিবিদ্যাৰ ওপৰত ভাষণ প্রদান কৰি কয় যে বৰ্তমানৰ প্ৰযুক্তিক বহনক্ষম প্ৰযুক্তিলৈ ৰূপান্তৰিত কৰিব পাৰিলে ভবিষ্যতে আমাৰ সহায়ক হ’ব। কৃত্রিম বুদ্ধিমত্তা আৰু স্বয়ংচালিত প্ৰযুক্তিৰ ভবিষ্যৎ সম্ভাৱনীয়তাৰ ওপৰতো তেওঁ ভাষণত উল্লেখ কৰে

অসম ডনবন্ধ বিশ্ববিদ্যালয়ৰ উপাচার্য্য ফাডাৰ ড০ ষ্টিফেন মান্ডেলিয়েন্স অনলাইন মাধ্যমেৰে আৰু সম উপাচাৰ্য্য ফাডাৰ যোচেফ নেলাল্লাট, ডনবস্ক অভিযান্ত্রিক আৰু প্ৰযুক্তিবিদ্যা মহাবিদ্যালয়ৰ অধ্যক্ষ অধ্যাপক মনোৰঞ্জন কলিতাই সন্মানীয় অতিথিৰূপে অনুষ্ঠানটিত উপস্থিত থাকে । তিনিদিনীয়া এই অভিৱৰ্ত্তনখনিত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৫২ জন গৱেষকে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিভিন্ন ক্ষেত্ৰত আলোকপাত কৰি তেওঁলোকৰ গৱেষণা পত্র পাঠ কৰিব ।

অভিৱৰ্ত্তলখনিৰ সন্দৰ্ভত মুখ্য তত্ত্বাবধায়ক ড০ ববী শৰ্মা আৰু সহ তত্বাৱধায়ক ড০ সিলিকা টি আৰৰ সামৰণি ভাষণেৰে অনুষ্ঠানটিৰ সামৰণি পৰে ।

Leave A Reply

Your email address will not be published.