অম্বুবাচীৰ সম্পৰ্কত অভিনেত্ৰী কংকনা ৰানাৱটে কি ক’লে

0 281

অম্বুবাচী সময়তে অম্বুবাচীক লৈ ফেচবুকত পোষ্ট কৰিলে বলিউডৰ অভিনেত্ৰী কংকনা ৰানাৱটে। কামাখ্যা দেৱীৰ মাহাত্ম্য বৰ্ণনা কৰি অভিনেত্ৰী গৰাকীয়ে উল্লেখ কৰে যে গুৱাহাটীৰ অসমত কামাখ্যা মন্দিৰত বাৰ্ষিক অম্বুবাচী মেলা আৰম্ভ হৈছে। লগতে কয় যে আমি পাহৰিব নালাগে যে হিন্দু ধর্ম হৈছে একমাত্ৰ ধৰ্ম যিয়ে মহিলাক শক্তি হিচাপে উপাসনা কৰে। কামাখ্যা হৈছে এনে এখন ধৰ্মীয় তীৰ্থ স্থান য’ত নাৰী প্ৰজনন অংগক পূজা কৰা হয়। মন্দিৰত বিভিন্ন শিলালিপি বোৰে প্ৰত্যক্ষ কৰিছোঁ য’ত নাৰী শক্তিক গুৰুত্ব প্ৰদান কৰা হয়।লগতে তেওঁ সৰুৱে পৰা বিভিন্ন ধৰ্মীয় গ্ৰন্থ পঢ়াৰ কথা উল্লেখ কৰে।উল্লেখযোগ্য যে প্ৰতিবছৰে অম্বুবাচী মেলাত অসংখ্য দেশী বিদেশী লক্ষাধিক ভক্তৰ সমাগম হয়।অৱশ্যে যোৱাবছৰ পৰা ক’ভিড-১৯ বাবে নিয়মমাষিক ভাৱেহে অনুষ্ঠিত হৈছে অম্বুবাচী মেলা।

Leave A Reply

Your email address will not be published.