অম্বুবাচী মহাযোগ-২০২৫ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰিলে ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে

0 129

আজিৰে পৰা কামাখ্যা মন্দিৰত আৰম্ভ হৈছে অম্বুবাচী মহাযোগ।এই উপলক্ষে ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত গুৱাহাটীৰ পাণ্ডু প’ৰ্টত আয়োজিত উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ পৰ্যটন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অম্বুবাচী মহাযোগ -২০২৫ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে।
অম্বুবাচী মহাযোগ উদ্বোধন কৰি প্ৰদান কৰা বক্তব্যত মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে অম্বুবাচী মহাযোগৰ ধৰ্মীয় তথা আধ্যাত্মিক তাৎপৰ্যৰ প্ৰতি লক্ষ্য ৰাখি সকলোকে নিয়ম তথা শৃংখলাবোধ বজাই ৰাখি মাৰ আৰ্শীবাদেৰে ধন্য হোৱাৰ আহ্বান জনায় যাতে এই মহাযোগৰ সময়ত সমবেত হোৱা অগণন স্থানীয় তথা দেশী-বিদেশী ভক্ত আৰু পৰ্যটকে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হ’ব লগা নহয়। তেওঁ লগতে স্থানীয় জনসাধাৰণক সম্পূৰ্ণ আতিথ্যৰ মনোভাৱেৰে বাহিৰৰ পৰা অহা তীৰ্থযাত্ৰীসকলক সহায় -সহযোগ কৰাৰ আহ্বান জনায়। পৰ্যটন বিভাগৰ লগতে কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ সু-সমন্বয়ত এইবাৰৰ অম্বুবাচী মহাযোগ যাতে সম্পূৰ্ণ শান্তিপূৰ্ণ আৰু আধ্যাত্মিকভাৱে পালন কৰিব পৰা যায় তাৰ বাবে বিভিন্ন ব্যৱস্থাপনা কৰা হৈছে বুলি কৈ অম্বুবাচী মহাযোগক সমগ্ৰ দেশৰ এক পৱিত্ৰ উৎসৱ বুলি তেওঁ কয় আৰু এই মহাযোগত বাহিৰৰ পৰা অহা ভক্তসকলক উষ্ম আদৰণি জনোৱাৰ বাবে তেওঁ স্থানীয় জনসাধাৰণক আহ্বান জনায়।
উল্লেখযোগ্য যে এই অম্বুবাচী মহাযোগত প্ৰতিবছৰে লাখ লাখ ভক্তৰ সমাৱেশ ঘটে।বিগত ২০২২ চনত এই মহাযোগৰ সময়ত ৪ লাখ ৩২হাজাৰৰ ওপৰ,২০২৩ চনত ৬ লাখ ৮২হাজাৰ,২০২৪বৰ্ষত প্ৰায় ৭ লাখ ৫০হাজাৰ আৰু এই বৰ্ষতো কেইবা লাখ ভক্তৰ সমাৱেশ হ’ব বুলি অনুমান কৰা হৈছে। ইতিমধ্যে অগণন ভক্তৰ ইয়াত সমাৱেশ হৈছে আৰু কামৰূপ জিলা প্ৰশাসনকে ধৰি বহু বিভাগৰ সুমন্বয়ত ভক্তসকলৰ সুবিধাৰ্থে বিভিন্ন ব্যৱস্থাপনা গঢ়ি তোলা হৈছে। অম্বুবাচী মহাযোগৰ লগত সংগতি ৰাখি ৰাজ্য চৰকাৰৰ পৰ্যটন বিভাগেও ভক্তপ্ৰাণ ৰাইজক আদৰিবলৈ “প্ৰণাম”নামেৰে প্ৰথমবাৰৰ বাবে কামাখ্যা ৰেল ষ্টেচন, পাণ্ডু প’ৰ্ট,ভূতনাথ, কামাখ্যা নামনি আৰু আদাবাৰীত মুঠ ৫ টা আদৰণি কক্ষ স্থাপন কৰিছে।ইয়াৰ লগতে কামাখ্যা মন্দিৰৰ সমীপৰ বিভিন্ন স্বেচ্ছাসেৱী সংস্থা সমূহৰ উদ্যোগতো স্বেচ্ছাসেৱক নিয়োজিত কৰা হৈছে।

অসম ৰাজ্যিক পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱাই আদৰণী ভাষণ প্ৰদান কৰা আজিৰ এই অনুষ্ঠানত কামাখ্যা মন্দিৰ দলৈ সমাজৰ বৰ দলৈ কৱিন্দ্ৰ প্ৰসাদ শৰ্মা,সৰু দলৈ হিমাদ্ৰী শৰ্মা ,গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ বিজুলী কলিতা মেধিয়েও অম্বুবাচী মহাযোগৰ মাহাত্ম্য আৰু তাৎপৰ্য সামৰি বক্তব্য প্ৰদান কৰে।
অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি মৃগেন শৰণীয়া,অসম ৰাজ্যিক পৰ্যটন উন্নয়ন নিগমৰ উপাধ্যক্ষ দিলীপ কুমাৰ দাস, গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত ড০পাৰ্থসাৰথি মহন্ত, পৰ্যটন বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰা, কামৰূপ মহানগৰ জিলাৰ আয়ুক্ত সুমিত সত্তাৱান,অসম পৰ্যটন উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক তথা পৰ্যটন বিভাগৰ আয়ুক্ত সচিব কুমাৰ পদ্মপাণি বৰা, পৰ্যটন বিভাগৰ সঞ্চালক ৰণোজ বৰকটকীকে প্ৰমূখ্য কৰি বহু গণ্য-মান্য ব্যক্তি আৰু ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.