অসমত কেন্দ্ৰীয় কৃষি আৰু সমবায় মন্ত্ৰী

0 251

IMG-20170831-WA0015

সমবায় সমিতি বোৰ ক্ষীপ্ৰ গতিত উন্নয়নৰ দিশো অগ্ৰসৰ হ’বলৈ হ’লে এখনে আনখনক সহায় সহযোগিতা আগবঢ়াব লাগিব। অসমত মৰাপাট, পানীমেটেকা উদ্যোগৰ এক ভৱিষ্যত আছে। ই এদিন মই ভাবো, গুজৰাটৰ দুগ্ধ উদ্যোগৰ নিচিনাকৈ প্ৰসাৰ লাভ কৰিব। এই মন্তব্য কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু সমবায় মন্ত্ৰী পৰষোত্তম ৰোপালাৰ। আজি গুৱাহাটীৰ প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে। অনুষ্ঠানত অসমৰ বিভিন্ন জিলাৰ পৰা অহা সমবায় সমিতিবোৰে অংশগ্ৰহণ কৰে। বিশেষ ভাবে পাৰদৰ্শিতা দেখুওৱাবলৈ সক্ষম হোৱা কেইখনমান সমবায় সমিতিক আৰ্থিক অনুদান আগবঢ়ায় উৎসাহিত কৰে। অনুষ্ঠানত বিভিন্ন  আত্মসহায়ক গোটে অংশগ্ৰহণ কৰাৰ পৰিলিক্ষিত হয়। 

 

Leave A Reply

Your email address will not be published.