অসমত ৰাষ্ট্ৰীয় উদ্যান ৭ খনলৈ বৃদ্ধি পালে

0 181

পৰ্যটন ক্ষেত্ৰখনৰ বাবে সুখবৰ।অসমত নকৈ সংযোজিত হ’ল ২ খন ৰাষ্ট্ৰীয় উদ্যান।আজি পাঞ্জাবাৰীস্থিত অৰণ্য ভৱনত বন মন্ত্ৰী পৰিমল শুক্লবৈদ্যই এখন সংবাদ মেল অনুষ্ঠিত কৰে।সেই সংবাদমেলত মন্ত্ৰী গৰাকীয়ে কয় যে ৰাইমনা আৰু দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি প্ৰদান কৰা হৈছে।উল্লেখযোগ্য যে এই ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান আছে কোকৰাঝাৰ জিলাত । ৰাইমনাত ১৫০ বিধ বিভিন্ন প্ৰজাতিৰ পখিলা,১৭০ বিধ পক্ষী,৩৮০ বিধ উদ্ভিদ পোৱা যায়।আনহাতে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আছে ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত। এই দুয়োখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি পোৱাৰ পিছত অসমত ৰাষ্ট্ৰীয় উদ্যান ৭ খনলৈ বৃদ্ধি পালে।আজি সংবাদমেলত বন বিভাগৰ বহুকেইজন বিষয়া, কৰ্মচাৰী উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.