অসমীয়া সমাজৰ সামাজিক বান্ধোন অতি শক্তিশালী- উদ্যোগ মন্ত্রী বিমল বড়া

0 139

অসমীয়া সমাজৰ সামাজিক বান্ধোন অতি শক্তিশালী, আমাৰ সামাজিক পৰম্পৰাই ৰচনা কৰিছে ইয়াৰ ভেটি আজি স্হানীয় নেডফি হাউচত অনুষ্ঠিত ৰাজ্যিক চি-২০ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰদান কৰা ভাষণত ৰাজ্যৰ উদ্যোগ,বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান তথা সাংস্কৃতিক বিভাগৰ মন্ত্রী বিমল বড়াই এইদৰে কয়। জি -২০ সন্মিলনৰ মূল বাণী বসুধৈৱ কুতুম্বকমৰে সংগতি ৰাখি মন্ত্রী বড়াই ভাৰতীয় প্ৰাচীন পৰম্পৰাই আমাক সমগ্র বিশ্বকে আপোন কৰি লবলৈ শিকাইছে বুলি উল্লেখ কৰি বিশ্বৰ অৰ্থনৈতিক সুস্হিৰতা বৰ্তাই ৰখাৰ বাবে গঠন হোৱা বিশ্বৰ ১৯ খন দেশৰ লগতে ইউৰোপিয়ান ইউনিয়নৰ সদস্যতাৰে গঠিত জি-২০ সংগঠনে সম্প্ৰতি জলবায়ু পৰিবৰ্তনৰ ওপৰতো গুৰুত্ব আৰোপ কৰা বুলি ব্যক্ত কৰে।
ভাৰতবৰ্ষই ২০২২ৰ ডিচেম্বৰৰ পৰা ২০২৩ৰ নবেম্বৰলৈ অধ্যক্ষতা কৰিবলগা জি-২০ৰ অধীনত গঠিত হৈছে চি-২০, যিয়ে জনসাধাৰণক তেওলোকৰ আশা আকাংশাৰ সন্দৰ্ভত বিশ্ব নেতা সকলক অৱগত কৰাৰ বাবে এক মঞ্চ প্ৰদান কৰে।চি-২০ সন্মিলনৰ অংশ হিচাপে ভাৰত চৰকাৰে গঠন কৰি দিয়া ১৪ টা ৱৰ্কিং গ্ৰুপৰ অন্যতম চিন্ময় মিছনে আজি এই ৰাজ্যিক সন্মিলন আয়োজন কৰে।
উল্লেখ্য যে এই ৱৰ্কিং গ্ৰুপ সমূহে চি -২০ ৰ অধীনত বিশেষ ভাৱে মুঠ নটা বিষয়ৰ ওপৰত আলোকপাত কৰি প্ৰস্তুত কৰা প্ৰতিবেদন জি-২০লৈ প্ৰেৰণ কৰিব।আজিৰ সন্মিলনত ‘শান্তিৰ বাবে ধৰ্ম’,বিশ্বক এটা পৰিয়াল হিচাপে গঢ়ি তোলাৰ ধাৰণাটোক আগবঢ়াই নিয়াৰ ক্ষেত্রত সংস্কৃতিৰ ভূমিকা,সাৰ্বজনীন ভাতৃত্ববোধ ধাৰণাটোক গঢ় দিয়াৰ বাবে শিক্ষা এক আহিলা’ শীৰ্ষক কেবাটাও বিষয়ৰ সন্দৰ্ভত হোৱা আলোচনাত কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে।

এই চি-২০ সন্মিলনৰ ৰাজ্যিক সন্মিলন অসম, মণিপুৰ, ত্ৰিপুৰা, নাগালেণ্ডৰ লগতে দেশৰ মুঠ ১২ খন ৰাজ্যত অনুষ্ঠিত হ’ব। ইয়াৰ আন্ত:ৰাষ্ট্ৰীয় সন্মিলনখন অহা ২৭ আৰু ২৮ মে’ত তামিলনাডুৰ মহাবলিপুৰমত অনুষ্ঠিত হ’ব।

Leave A Reply

Your email address will not be published.