অসমীয়া সাহিত্য সন্মিলনীৰ নৱম প্ৰতিষ্ঠা দিৱস সম্পন্ন

0 209

শোণিতপুৰ জিলাৰ ৰঙাপৰা মহাবিদ্যালয়ত তিনিদিনীয়াকৈ অনুষ্ঠিত অসমীয়া সাহিত্য সন্মিলনীৰ নৱম প্ৰতিষ্ঠা দিৱস যোৱা কালি বিয়লি সামৰণি পৰে। যোৱা ১০ ফেব্ৰুৱাৰীত সন্মিলনীৰ আৰু ৰঙাপৰা মহাবিদ্যালয়ৰ পতাকা উত্তোলন আৰু শ্বহীদ তৰ্পণেৰে আৰম্ভ হোৱা প্ৰতিষ্ঠা দিৱস পুৱা ১০ বজাৰ পৰা আৰম্ভ হয় “অসমীয়া ভাষা-সাহিত্যৰ ইতিহাস আত্ম প্ৰতিষ্ঠা আৰু বৰ্তমানৰ প্ৰত্যাহ্বান” শীৰ্ষক বিষয়ৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰে। অসমৰ আটাইকেইখন বিশ্ববিদ্যালয়ৰ লগতে বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষক আৰু গৱেষক ছাত্ৰ-ছাত্ৰীয়ে অংশ গ্ৰহণ কৰা উক্ত আলোচনা চক্ৰখনৰ উদ্বোধনী অনুষ্ঠানটোৰ সভাপতি হিচাপে সন্মিলনীৰ সভাপতি ড০ সাগৰ বৰুৱা, মুখ্যবক্তা হিচাপে ড০ দিলীপ বৰা, অধ্যক্ষ ড০ ৰঞ্জন কলিতা, সন্মিলনীৰ কাৰ্যকৰী সভাপতি ড০ মুকুল চক্ৰৱৰ্তী উপস্থিত থাকে। প্ৰায় তিনিকুৰি আলোচকে অংশগ্ৰহণ কৰা উক্ত আলোচনা চক্ৰত  অংশগ্ৰহণ কৰে। আনহাতে কালি অনুষ্ঠিত সন্মিলনীৰ প্ৰতিনিধি সভাত নগাঁও, নলবাৰী, শোণিতপুৰ জিলাকে ধৰি বিভিন্ন জিলা আৰু আঞ্চলিক সমিতিসমূহৰ প্ৰতিনিধিয়ে অংশ গ্ৰহণ কৰে।

বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.