ঐতিহাসিক গুৱাহাটী চিনে ক্লাৱে আন বছৰৰ দৰে এই বছৰ ১৪তম আন্তৰ্জাতিক গুৱাহাটীৰ চলচ্চিত্ৰ মহোৎসৱ অহা ২৫ ফেব্ৰুৱাৰী পৰা ৩ মাৰ্চ লৈকে গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱন প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰিবলৈ আয়োজন কৰিছে।ক’ভিড মহামাৰী প্ৰাদুৰ্ভাৱৰ বাবে চৰকাৰে আৰোপ কৰা বাধা নিষেধৰ পৰিপ্ৰেক্ষিতত প্ৰতিবছৰে ডিচেম্বৰ মাহত অনুষ্ঠিত কৰা এই উৎসৱ এইবছৰ ফেব্ৰুৱাৰী মাৰ্চ মাহত আয়োজন কৰা হৈছে। মহোৎসৱৰ লগত সংগতি ৰাখি আন বছৰৰ দৰে চুটি চলচ্চিত্ৰ প্ৰতিযোগিতা আয়োজন কৰিছে।১৫ মিনিট দৈৰ্ঘ্য ভিতৰত নিৰ্মাণ কৰা চুটি চলচ্চিত্ৰ অহা ১৫ ফেব্ৰুৱাৰী ভিতৰত জমা দিব লাগিব।প্ৰতিযোগিতা নিয়মাৱলী সহ সবিশেষ গুৱাহাটীৰ চিনে ক্লাৱ আৰু আন্তৰ্জাতিক গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱৰ ফেচবুক পৃষ্ঠাত পাব।ইয়াৰোপৰি অ-প্ৰতিযোগিতা মূলক শীৰ্ষত ৭ খন আন্তৰ্জাতিক উৎকৃষ্ট চলচ্চিত্ৰ বাবেও নিৰ্মাতা সকলৰ পৰা চুটি ছবি আহ্বান কৰা হৈছে।উৎসৱৰ লগতে গুৱাহাটী চিনে ক্লাৱৰ বছেৰেকীয়া মুখপত্ৰৰ চিত্ৰচিন্তা প্ৰকাশ কৰা হ’ব।ক্লাৱৰ সদস্য ভৰ্তিৰ বাবে পানবজাৰত অৱস্থিত ভাৰত স্কাউট এণ্ড পাইডৰ অফিচৰ চৌহদত থকা গুৱাহাটী চিনে ক্লাৱৰ কাৰ্যালয়ত যোগাযোগ কৰিব পাৰিব।চলচ্চিত্ৰ উৎসৱ আৰু প্ৰতিযোগিতা বিষয়ে জানিব বিচাৰিলে [email protected] মেইল যোগে পঠাব পাৰেঅথবা৯৩৪৫০-৪৩৯০১,৮৭২৩৪-১৪২৪৫,৭০০২৫-৭১১১৩,৯৯৫৪২-৩৬৮৬৯ নম্বৰত ফোন কৰিব পাৰে।১৪তম আন্তৰ্জাতিক গুৱাহাটী চলচ্চিত্ৰ মহোৎসৱত ক্লাৱৰ সভাপতি এ.কে আবছাৰ হাজৰিকা আৰু সম্পাদক মাধুৰীমা বৰুৱাই সকলো চলচ্চিত্ৰ প্ৰেমী ৰাইজৰ সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।
Trending
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক