অসম আৰক্ষীৰ এগৰাকী উচ্চ পদস্থ বিষয়া হৈও কৰ্মব্যস্ততাৰ মাজতো নিৰন্তৰ অসমীয়া ভাষা সাহিত্য চৰ্চা কৰা আৰু মাতৃভাষা অসমীয়াক ৰাজ্যভাষা হিচাপে চৰকাৰী কাম কাজত ব্যৱহাৰত গুৰুত্ব দি অহাৰ বাবে ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া তথা কামৰূপ জিলাৰ আৰক্ষী অধীক্ষক পাৰ্থসাৰথি মহন্তক অসম সাহিত্য সভাৰ শুৱালকুছি অধিবেশনত আনন্দ চন্দ্র আগৰৱালা বঁটা প্ৰদান কৰা হয়।অধিবেশনৰ অতুল চন্দ্র বৰুৱা মঞ্চত অসম সাহিত্য সভাৰ নৱ নিৰ্বাচিত সভাপতি ড০ কুলধৰ শইকীয়াই পাৰ্থসাৰথি মহন্তক ফুলৰ থোপা,জাপিৰ লগতে দহ হাজাৰ টকাৰ চেক প্ৰদান কৰি সম্বৰ্দ্ধনা জনোৱাৰ লগতে সাহিত্য চৰ্চা কৰি অহাৰ বাবে ৰাজহুৱাভাৱে প্ৰশংসা কৰে।অৱশ্যে আৰক্ষী বিষয়া পাৰ্থসাৰথি মহন্তই পাছদিনা বঁটাৰ লগত লাভ কৰা দহ হাজাৰ টকাৰ চেকখন সভাপতি ড০ কুলধৰ শইকীয়াক ঘূৰাই দি সেই ধন সাহিত্য সভাৰ কামত ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনায়।এই মহানুভৱতা প্ৰদৰ্শনৰ বাবে পাৰ্থসাৰথি মহন্তক সকলোৱে ধন্যবাদ জ্ঞাপন কৰে।উল্লেখ্য বৰ্তমান জনপ্রিয় অসমীয়া মাহেকীয়া আলোচনী ‘আইনা জীৱনৰ’ সম্পাদকৰ (অবৈতনিক) দায়িত্ব বহন কৰি অহা পাৰ্থসাৰথি মহন্তই কামাখ্যা,মাজুলী,ৰাইন’ এণ্ড শিৱা নামৰ তিনিখন গ্ৰন্থ ৰচনা কৰি বিদ্বৎ মহলৰ পৰা প্ৰশংসা লাভ কৰিছে।তেনেদৰে কামৰূপ জিলাৰ আৰক্ষী বিভাগত কৰ্মৰত সকলো আৰক্ষীৰ লোককে চৰকাৰী কাম কাজত অসমীয়া ভাষাৰ ব্যৱহাৰৰ লগতে ইউনিফৰ্মত থকা নেমপ্লেটতো নিজৰ নাম অসমীয়াতে লিখিবলৈ আহ্বান জনাইছে।আৰক্ষী অধীক্ষক গৰাকীৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই জিলাখনৰ কৰ্মৰত আৰক্ষীৰ লোকসকলে বিভাগীয় কাম কাজত অসমীয়া ভাষা ব্যৱহাৰ কৰি অহা পৰিলক্ষিত হৈছে।
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem