অসমৰ খাদ্য সুৰক্ষা আয়ুক্তালয়ৰ উদ্যোগত-বিশ্ব খাদ্য সুৰক্ষা দিৱস উদযাপন

0 54

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অন্তৰ্গত খাদ্য সুৰক্ষা আয়ুক্তালয়ৰ উদ্যোগত আজি বিশ্ব খাদ্য সুৰক্ষা দিৱসৰ আয়োজন কৰা হয়।গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীশ্ৰীমাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজিত এই অনুষ্ঠানত এইবাৰৰ বিশ্ব খাদ্য সুৰক্ষা দিৱসৰ মূল বিষয় অপ্ৰত্যাশিত পৰিস্থিতিৰ বাবে প্ৰস্তুতি সম্পৰ্কত এক মনোজ্ঞ সভা অনুষ্ঠিত হয়।

আশাকৰ্মী, স্বাস্থ্য বিভাগৰ লগতে আন বিভিন্ন বিভাগৰ বিষয়া-কৰ্মচাৰী আৰু বিভিন্ন শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকলৰ উপস্থিতিত অনুষ্ঠিত এই সভাত স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব ডাঃ পি অশোক বাবু, সচিব বৰ্ণালী শৰ্মা, অৱসৰী খাদ্য পৰিদৰ্শক হীৰেণ গগৈ আৰু অৱসৰী খাদ্য বিশ্লষক নৰেন্দ্ৰ নাথ দাসে উক্ত বিষয় সম্পৰ্কত অৱলোকন কৰে। সঠিক ভোজন, উন্নত জীৱন বাণীৰে সুৰক্ষিত খাদ্য গ্ৰহণ কৰাৰ ক্ষেত্ৰত চৰকাৰৰ লগতে সমূহ জনসাধাৰণৰ দায়বদ্ধতাৰ ওপৰত সভাত প্ৰতিগৰাকী বক্তাই গুৰুত্ব আৰোপ কৰে। পৰম্পৰাগতভাৱে গোবৰ সাৰ ব্যৱহাৰেৰে খেতি কৰাৰ সময়ত অসুৰক্ষিত খাদ্যৰ প্ৰত্যাহ্বান প্ৰায় নাছিল যদিও কৃষি যান্ত্ৰিকীকৰণৰ লগে লগে বিভিন্ন ৰাসায়নিক সাৰ, কীটনাশক আদিৰ অনিয়ন্ত্ৰিত প্ৰয়োগৰ ফলত খাদ্য সুৰক্ষাৰ প্ৰতি বৰ্তমান ভাবুকি আহি পৰিছে। গতিকে সুৰক্ষিত খাদ্য গ্ৰহণৰ ক্ষেত্ৰত জনসাধাৰণৰ সজাগতাই বিশেষ ভূমিকা পালন কৰে বুলি মন্তব্য কৰি প্ৰতিগৰাকী বক্তাই এই ক্ষেত্ৰত সকলোকে সজাগ হ’বৰ বাবে আহ্বান জনায়।

ৰিফ্ৰেজাৰেটৰৰ সঠিক ব্যৱহাৰ সম্পৰ্কেও লোকসকল অধিক সজাগ হ’ব লাগে বুলি মন্তব্য কৰি ইয়াৰ ভুল প্ৰয়োগৰ ফল হিতে বিপৰীত হয় বুলি সকলোৱে মত প্ৰকাশ কৰে। সভাত সচিব বৰ্ণালী শৰ্মাই প্ৰতিটো পৰিযালতে কিটচেন গাৰ্ডেন স্থাপনৰ পোষকতা কৰে।

সভাত সুৰক্ষিত খাদ্য গ্ৰহণ কৰাৰ ক্ষেত্ৰত সকলোকে সজাগ কৰাৰ বাবে শপত বাক্যও পাঠ কৰোৱা হয়। খাদ্য বিশ্লষক অনুপম গগৈয়ে আদৰণি ভাষণ প্ৰদান কৰা এই সভাত আয়ুক্ত অভিজিত বৰুৱাই সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে।

খাদ্য সুৰক্ষা দিৱস আয়োজনৰ লগত সংগতি ৰাখি ভ্ৰাম্যমান বাহনৰ জৰিয়তে সুৰক্ষিত খাদ্য সম্পৰ্কীয় সজাগতামূলক হাতপুথি, লিফলেট আদি প্ৰদৰ্শন কৰাৰ লগতে খাদ্য সুৰক্ষা সম্পৰ্কীয় কাৰ্য ব্যৱস্থাৰো প্ৰদৰ্শন কৰা হয়।

Leave A Reply

Your email address will not be published.