অসম বিত্তীয় নিগমে বহু বছৰৰ পাছত বিগত ২০২৩-২৪ বিত্তীয় বর্ষত প্রায় এক কোটি টকা লাভ অর্জন কৰিবলৈ সক্ষম হৈছে। আজি নিগমৰ মুখ্য কাৰ্যালয়ত আয়োজিত এক সংবাদ মেলত ভাগ লৈ নিগমৰ অধ্যক্ষ ৰূপম গোস্বামীয়ে কয় ১৯৫৪ চনৰ ১৯ এপ্রিলত ৰাজ্যৰ অৰ্থনীতিত এক গুৰুত্বপূৰ্ণ ভূমিকা কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে অসম বিত্তীয় নিগম নামৰ প্ৰতিষ্ঠানটো গঠন কৰিছিল। বিগত ৩১ মার্চ পর্যন্ত প্রায় ডেৰ লাখৰো অধিক নিৱনুৱা যুৱক সৃষ্টিক প্রত্যয় পৰোক্ষভাৱে বিত্তীয় সাহার্য্য আগবঢ়োৱাৰ লগতে ৬৮০০ ৰো অধিক উদ্যোগলৈ নিগমে বিত্তীয় সমর্থন আগবঢ়াইছে। বিগত বহু বছৰৰ পাছত যোৱা বিত্তীয় বর্ষত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাৰ গতিশীল নেতৃত্বত প্রায় এক কোটি টকাৰ লাভ অৰ্জন কৰিছে। একেদৰে নিগমৰ অনাদায়ী ঋণ আদায়কে ধৰি এনপিএচ আদায় পূৰ্বৰ তুলনাত ৯৭ শতাংশৰ পৰা ৩৬ শতাংশলৈ অৱনমিত কৰিব পৰা হৈছে।ইয়াৰ মান ২০ শতাংশলৈ অনাৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰা হৈছে। নিৰ্দ্ধাৰিত লক্ষ্যত উপনীত হবলৈ পাৰিলে লাভৰ পৰিমাণ বৃদ্ধি পাব। বিগত বিত্তীয় বর্ষত বিভিন্ন উদ্যোগ প্রতিষ্ঠানলৈ প্রায় ২০ কোটি টকাৰ ঋণ প্রদান কৰা হৈছে। আনহাতে সংবাদ মেলত নিগমৰ পৰিচালন সঞ্চালক লয়া মাধুৰী আইআই বিএমৰ সঞ্চালক অভিজিৎ শৰ্মা এছআইডিবিআইৰ উপ মহাপ্ৰবন্ধক প্রদীপ কুমাৰ নাথ উপস্থিত থাকে।
Trending
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি
- পথিকৰ উদ্যোগত পদুমবড়ীত বিনামূলীয়া স্বাস্থ্য আৰু চকু পৰীক্ষা শিবিৰ সম্পন্ন
- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া প্ৰেক্ষাগৃহত জালুকবাৰী থানা এলেকাৰ দুৰ্গা পূজা উদযাপন আৰু বিসৰ্জন বিষয়ক সভা সম্পন্ন
- Bringing Healthcare Closer to People: Health Camp Held in Kamrup under Seva Sankalp Abhiyan