কামৰ কোনো সৰু বৰ নাথাকে।যিকোনো কাম যদি আপুনি আগ্ৰহ আৰু অধ্যৱসায়ে কৰে সেই কাম সফল হৈ উঠে।আজি যাৰ বিষয়ে লিখিবলৈ লৈছো তেখেতে বহু সংগ্ৰামৰ মাজেৰে আজিৰ পৰ্য্যায়ত উপনীত হৈছে ।সমাজৰ বাবে দিনে নিশা একাকাৰ কৰি মানৱ সম্পদ গঢ়ি তুলিছে।এই ব্যক্তিজন কোন জানেনে?এই ব্যক্তিজন হ’ল লখিমপুৰৰ নাৰায়ণপুৰৰ কমল বৰা।তেখেতে শিক্ষকতাক জীৱনৰ সমল হিচাপে লৈ অজস্ৰ মানৱ সম্পদ গঢ়িছে।তেখেতৰ ব্যক্তিগত প্ৰচেষ্টাত পিচলা নেচনেল একাডমী গঢ় লৈ উঠিছে।উল্লেখযোগ্য যে এই একাডমীখনৰ পৰা শিক্ষান্ত পৰীক্ষাত ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰিছে।সম্প্ৰতি কমল বৰা চ’চিয়েল মেডিয়াত জনপ্ৰিয় হৈ পৰিছে।কিয়নো তেখেতে সহজতে অসমৰ জিলাকেইখনৰ নাম ক’ব পৰাকৈ ফৰ্মূলা উদ্ভাৱন কৰিছে।এন ই ফ’কাচ ডট কম ৰ ফালৰ পৰা হোৱা কথোপকথনত কমল বৰাই এনেদৰে কয়-সহজতে জিলাকেইখনৰ নাম ক’ব পৰা কৌশলটো প্ৰথমে মোৰ জীয়ৰীক শিকাইছিলো।কিছুদিনৰ আগতে মৰাণৰ বাল্য বিকাশ কেন্দ্ৰলৈ অতিথি শিক্ষক হিচাপে গৈছিলো।আৰু তাত কৰা শিক্ষাদানৰ প্ৰক্ৰিয়াটো চ’চিয়েল মেডিয়াৰ জৰিয়তে ভাইৰেল হোৱাৰ পিছত সংবাদ মাধ্যমে আদৰি লয়।উল্লেখযোগ্য যে তেখেতে ইতিপূৰ্বে সহজ প্ৰক্ৰিয়াত ব্যাকৰণ শিকাৰ প্ৰণালীৰ বিষয়েও উদ্ভাৱন কৰিছে।অধ্যৱসায় আৰু সৃষ্টিশীল প্ৰক্ৰিয়াৰে সমাজলৈ বিশেষ বৰঙণি আগবঢ়োৱা কমল বৰাক এন ই ফ’কাচ ডট কমৰ ফালৰ পৰা বহুশুভকামনা জনালো।
Trending
- Assam Centre review key infrastructure projects to accelerate state’s growth: CM
- CSR Head Reviews Women-Led Sarthebari Metal Craft Project
- Assam CM meets Jaishankar, discusses Act East Policy and regional trade opportunities
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ডঃ ৰঞ্জন কুমাৰ কাকতিলৈ মাই ভাৰত এন এছ এছ কাৰ্যসূচী সমন্বয়ক শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী বঁটা প্ৰদান
- Himanta Biswa Sarma meets PM Modi, seeks guidance for Assam NDA 3.0 Government
- মুখ্যমন্ত্রী ডঃ হিমন্ত বিশ্ব শর্মাক কৃতজ্ঞতা
- বিশ্ব পৰিৱেশ দিৱস উপলক্ষে উত্তৰ পূব সীমান্ত ৰেলৱেৰ পৰিৱেশ সংৰক্ষণ সম্পৰ্কীয় সজাগতা অভিযান
- Airtel Defends 5G ‘Priority Postpaid’ Before DoT, Denies Net Neutrality Breach
- গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাচুল বৃদ্ধিৰ সন্দৰ্ভত সংবাদ মেল
- Prime Minister of Bhutan visits Assam