কামৰ কোনো সৰু বৰ নাথাকে।যিকোনো কাম যদি আপুনি আগ্ৰহ আৰু অধ্যৱসায়ে কৰে সেই কাম সফল হৈ উঠে।আজি যাৰ বিষয়ে লিখিবলৈ লৈছো তেখেতে বহু সংগ্ৰামৰ মাজেৰে আজিৰ পৰ্য্যায়ত উপনীত হৈছে ।সমাজৰ বাবে দিনে নিশা একাকাৰ কৰি মানৱ সম্পদ গঢ়ি তুলিছে।এই ব্যক্তিজন কোন জানেনে?এই ব্যক্তিজন হ’ল লখিমপুৰৰ নাৰায়ণপুৰৰ কমল বৰা।তেখেতে শিক্ষকতাক জীৱনৰ সমল হিচাপে লৈ অজস্ৰ মানৱ সম্পদ গঢ়িছে।তেখেতৰ ব্যক্তিগত প্ৰচেষ্টাত পিচলা নেচনেল একাডমী গঢ় লৈ উঠিছে।উল্লেখযোগ্য যে এই একাডমীখনৰ পৰা শিক্ষান্ত পৰীক্ষাত ছাত্ৰ ছাত্ৰীয়ে স্থান লাভ কৰিছে।সম্প্ৰতি কমল বৰা চ’চিয়েল মেডিয়াত জনপ্ৰিয় হৈ পৰিছে।কিয়নো তেখেতে সহজতে অসমৰ জিলাকেইখনৰ নাম ক’ব পৰাকৈ ফৰ্মূলা উদ্ভাৱন কৰিছে।এন ই ফ’কাচ ডট কম ৰ ফালৰ পৰা হোৱা কথোপকথনত কমল বৰাই এনেদৰে কয়-সহজতে জিলাকেইখনৰ নাম ক’ব পৰা কৌশলটো প্ৰথমে মোৰ জীয়ৰীক শিকাইছিলো।কিছুদিনৰ আগতে মৰাণৰ বাল্য বিকাশ কেন্দ্ৰলৈ অতিথি শিক্ষক হিচাপে গৈছিলো।আৰু তাত কৰা শিক্ষাদানৰ প্ৰক্ৰিয়াটো চ’চিয়েল মেডিয়াৰ জৰিয়তে ভাইৰেল হোৱাৰ পিছত সংবাদ মাধ্যমে আদৰি লয়।উল্লেখযোগ্য যে তেখেতে ইতিপূৰ্বে সহজ প্ৰক্ৰিয়াত ব্যাকৰণ শিকাৰ প্ৰণালীৰ বিষয়েও উদ্ভাৱন কৰিছে।অধ্যৱসায় আৰু সৃষ্টিশীল প্ৰক্ৰিয়াৰে সমাজলৈ বিশেষ বৰঙণি আগবঢ়োৱা কমল বৰাক এন ই ফ’কাচ ডট কমৰ ফালৰ পৰা বহুশুভকামনা জনালো।
Trending
- গুৱাহাটী বিশ্ববিদ্যালয়ত ৮০ অধিক ছাত্ৰীক মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ চেক বিতৰণ
- এয়াৰটেলৰ সৈতে ইউটিউবৰ অংশীদাৰিত্ব: প্ৰিপেইড গ্ৰাহকৰ বাবে ইউটিউব প্ৰিমিয়ামৰ সুবিধা
- পৰিৱেশ সংৰক্ষণৰ লক্ষ্যৰে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ ১২ খনতকৈ অধিক যাত্ৰীবাহী ৰে’ল বৈদ্যুতিক ট্রেকচনলৈ পৰিবৰ্তন
- সতৰ্কতা সজাগতা অভিযানত পথিকৰ উদ্যোগত চি আৰ পি এফৰ গুৱাহাটী গ্ৰুপ চেণ্টাৰত বাটৰ নাট প্ৰদৰ্শন
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন