অসমৰ শিক্ষকলৈ শিক্ষক দিৱসত বিশেষ সন্মান

0 263

কালিলৈ শিক্ষক দিৱস| এইবাৰৰ শিক্ষক দিৱসত ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সন্মানৰ বাবে অসমৰ মঙ্গলদৈ পৰা এজন শিক্ষকক নিৰ্বাচিত কৰিছে|মঙ্গলদৈৰ ডাঁহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শশাংক হাজৰিকা নামৰ শিক্ষকজনক বিশেষ সন্মানৰ বাবে মনোনীত হৈছে|ভাৰত চৰকাৰৰ মানৱ সম্পদ উন্নয়ন বিভাগে ইতিমধ্যে হাজৰিকাৰ কৰ্মৰাজি ওপৰত ভিত্তি কৰি এখন তথ্যচিত্ৰ প্ৰস্তুত কৰিছে|এই তথ্যচিত্ৰখন কালিলৈ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ’ব লগা এক অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ সন্মুখত প্ৰদৰ্শিত হ’ব|জানিব পৰা মতে বন্ধৰ দিনত শিক্ষক শশাংক হাজৰিকাই দুখীয়া ছাত্ৰ ছাত্ৰীক বিনামূলীয়াকৈ শিক্ষাদান কৰি আহিছিল|কালিৰ অনুষ্ঠানত সমগ্ৰ দেশৰ ৪৫ জন কৃতি শিক্ষকক বিশেষ সন্মান প্ৰদান কৰিব|এই সন্মানত আছে এখন মানপত্ৰ,স্মাৰক আৰু নগদ ৫০ হাজাৰ টকা|উল্লেখযোগ্য যে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ, মিজোৰাম, মণিপুৰ, চিকিমৰ পৰা একোজনকৈ শিক্ষকক এই বিশেষ সন্মানৰ বাবে মনোনীত কৰিছে|

Leave A Reply

Your email address will not be published.