অসমৰ সুগন্ধি জহা চাউলৰ সোৱাদ ল’ব ভিটেনায়মে, অসমৰ বিখ্যাত জহা চাউল ভিয়েটনামলৈ ৰপ্তানি

0 60

অসমৰ সুগন্ধি জহা চাউলৰ সোৱাদ ল’ব ভিটেনায়মে। এই উদ্দেশ্য অসমৰ সৈতে ভিয়েটনামৰ এটা আগশাৰীৰ কোম্পানী লেখা ডিষ্ট্ৰিবিউটাৰ কোম্পানী লিমিটেডে অসমৰ কৃষিজাত উদ্যোগ Jingshai Exterprise ৰ সৈতে এক অংশদাৰিত্বৰ বুজাবুজি কৰিছে।

এই উদ্দেশ্যে জহা চাউলৰ প্ৰথম ১০০০ কিলোগ্ৰাম ভিয়েটনামলৈ আজি ৰপ্তানি কৰা হ’ল। অসমৰ কৃষিজাত উদ্যোগ Jingshai এণ্টাৰপ্ৰাইজে এই চাউলৰ প্ৰথমটো consignment আজি বিমানেৰে ভিয়েটনামৰ হো চি মিন চহৰলৈ প্ৰেৰণ কৰিছে লেখা ডিষ্ট্ৰিবিউটাৰ কোম্পানী লিমিটেডে হো চি মিন চহৰত এই চাউল গ্ৰহণ কৰিব।

কৃষিমন্ত্ৰী অতুল বৰাই আজি আজাৰাত থকা Jingshai এণ্টাৰপ্ৰাইজৰ অফিছত অনুষ্ঠিত হোৱা flagging off অনুষ্ঠানত ভাৰ্চুৱালভাবে অংশগ্ৰহণ কৰি এই উন্নয়নৰ বাবে আনন্দ প্ৰকাশ কৰিছে। তেওঁ কয়, ” Jingshai এণ্টাৰপ্ৰাইজে অসমৰ GI টেগযুক্ত জহা চাউল ভিয়েটনামলৈ ৰপ্তানি কৰাৰ ব্যৱস্থা কৰাটো আমাৰ বাবে এক গৌৰৱৰ কথা। চৰকাৰে সক্ৰিয়ভাৱে কাম কৰি আছে, যাৰ ফলত অসমৰ চুবুৰীয়া দেশসমূহৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক উন্নত হৈছে। মই Jingshai এণ্টাৰপ্ৰাইজক শুভেচ্ছা জনাইছোঁ আৰু আশা কৰোঁ যে এই উদ্যোগে অসমৰ যুৱক-যুৱতীসকলক স্বৰ্ণিম সুযোগৰ সদ্ব্যৱহাৰ কৰাত সহায় কৰিব।”

ভাৰতৰ কৃষি আৰু প্ৰচেছড ফুড ডেভেলপমেণ্ট অথৰিটি (APEDA)-ৰ মুখ্য ৰপ্তানি বিষয়া ত্ৰিৰঙ্গ বি বৰাইয়ে আজি অসমৰ কামৰূপ জিলাৰ আজাৰাত অৱস্থিত জিংশাই এণ্টাৰপ্ৰাইজৰ পৰা প্ৰথম consignment জহা চাউল ৰপ্তানি কৰাৰ শুভাৰম্ভ কৰে।

জিংশাই এণ্টাৰপ্ৰাইজে যোৱা পাঁচ বছৰ ধৰি কৃষি খণ্ডত কাম কৰি আছে আৰু তাইৱান, চিংগাপুৰ, অষ্ট্ৰেলিয়া আৰু মধ্যপ্ৰাচ্যৰ কিছুমান দেশৰ সৈতে যোগাযোগ ৰাখি উত্তৰ-পূৰ্বাঞ্চলৰ কৃষি আৰু উদ্যানপালন সামগ্ৰী ৰপ্তানিৰ চেষ্টা কৰি আহিছে।

APEDA-ৰ প্ৰতিনিধি গৰাকীয়ে কয়, “এইটো অসমৰ GI টেগযুক্ত জহা চাউল, যি ইয়াৰ সুগন্ধৰ বাবে জনাজাত। ভিয়েটনামো এটা চাউল উৎপাদনকাৰী দেশ, আৰু তাত চাউল এটা মুখ্য খাদ্য। গতিকে, অসমৰ চাউল আন এটা চাউল উৎপাদনকাৰী দেশলৈ ৰপ্তানি হোৱাটো এক সুখবৰ। ৰপ্তানিৰ ক্ষেত্ৰত বিভিন্ন সমস্যা যেনে ৰং বাছনি, ভেকুৱাম পেকেজিং আদি আছে, কিন্তু জিংশাই এণ্টাৰপ্ৰাইজে এই সমস্যাসমূহ অতিক্ৰম কৰি ভিয়েটনামলৈ চাউল ৰপ্তানি কৰিবলৈ সক্ষম হৈছে।”

জিংশাই এণ্টাৰপ্ৰাইজৰ ডাইৰেক্টৰ ৰাজীৱ মেধিয়ে কয়, “মই এজন খেতিয়ক, গতিকে কৃষি খণ্ডৰ সমস্যাসমূহ বুজি পাওঁ। আজি আমি ১০০০ কিলোগ্ৰাম জোহা চাউল ভিয়েটনামলৈ পঠাবলৈ সক্ষম হোৱাত আমি অতি সুখী। জোহা চাউল অসমৰ গৌৰৱ, আৰু আমি ইয়াক আন এখন দেশলৈ পঠাব পৰাটো আমাৰ বাবে এক ডাঙৰ সাফল্য। অসম চৰকাৰক ধন্যবাদ জনাইছোঁ যিয়ে অসমত বাণিজ্যিক পৰিৱেশ সৃষ্টি কৰিছে। আশা কৰোঁ, জিংশাই এণ্টাৰপ্ৰাইজৰ এই সাফল্যে অন্যান্যকো কৃষি আৰু ৰপ্তানি খণ্ডত আগবাঢ়িবলৈ উৎসাহিত কৰিব।”

এই flagging off অনুষ্ঠানত এয়াৰ ইণ্ডিয়া লিমিটেড, এয়াৰপোৰ্ট অথৰিটি অফ ইণ্ডিয়া (AAI), ইণ্ডিগো এয়াৰলাইনছৰ বিভিন্ন বিষয়াসকলেও অংশগ্ৰহণ কৰিছিল।

এই সহযোগিতাৰ জৰিয়তে Lekha Distributor-এ অসমৰ কৃষিজাত সামগ্ৰীসমূহ ভিয়েটনামৰ গ্ৰাহকসকললৈ LekhaMart-ৰ জৰিয়তে উপস্থাপন কৰাৰ লগতে ইয়াক গোলকীয় বজাৰলৈ ৰপ্তানি কৰাৰ পৰিকল্পনা কৰিছে।

অসমৰ কামৰূপ জিলাৰ বাসিন্দা মেধিয়ে কয়- বাণিজ্যৰ ক্ষেত্ৰত অসমৰ পৰিৱেশ পূবতকৈ বহু উন্নত হৈছে, যাৰ ফলত তেওঁৰ দৰে বহু লোকেই উদ্যোগী হোৱাৰ প্ৰেৰণা পাইছে। মেধিয়ে কয়, “এডভান্টেজ অসম ২.০ৰ সফলতাৰ পিছত বহু দেশে আমাক লক্ষ্য কৰিছে। এতিয়া আমাৰ ওপৰত নিৰ্ভৰ কৰিছে যে কেনেকৈ আমি ব্যৱসায় কৰি এক স্থায়ী ভৱিষ্যত গঢ়ি তুলিব পাৰো।”

Leave A Reply

Your email address will not be published.