অসম আদর্শ গ্রাম যোজনা সফল কৰাৰ বাবে পৰিদৰ্শনকাৰী বিষয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ বৈঠক

0 198

অসম আদর্শ গ্রাম যোজনা সফল কৰাৰ বাবে গাঁওবাসীৰ আকাংক্ষাৰ প্ৰতি লক্ষ্য ৰাখি‌‌ গাঁওবাসীৰ সহযোগিতাৰে এক বিস্তৃত গাঁও উন্নয়ন পৰিকল্পনা প্রস্তুত কৰিবলৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি পৰিদৰ্শনকাৰী বিষয়াসকলক নির্দেশ দিয়ে‌।আজি জনতা ভৱনস্থিত মুখ্যমন্ত্ৰীৰ সভাকক্ষত অনুষ্ঠিত বৈঠকত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে গাঁওসমূহক বহনক্ষম উন্নয়নৰ দিশত সবলীকৰণৰ বাবে আন্তঃগাঁথনি আৰু গুণগত মানৰ সেৱা প্ৰদানৰ বাবে আঁচনিখন হাতত লোৱা হৈছে। সেয়েহে পৰিদৰ্শক বিষয়াসকলে নিজৰ দায়িত্বত থকা গাঁওসমূহ পৰিদৰ্শন কৰি গাঁওবাসীৰ সৈতে বৈঠক অনুষ্ঠিত কৰি এই আঁচনিৰ পৰা জনসাধাৰণে যাতে সহজে উপকৃত হ’ব পাৰে সেই উদ্দেশ্যৰে গাঁও উন্নয়ন পৰিকল্পনা প্রস্তুত কৰিব লাগিব।

উল্লেখ্য যে অসম আদর্শ গ্রাম যোজনাৰ অধীনত অহা ৩ বছৰৰ ভিতৰত ৰাজ্যখনৰ ১২৬ টা‌‌ বিধানসভা সমষ্টিত দুখনকৈ গাঁৱৰ সামগ্ৰিক আৰু সৰ্বাংগীন সামাজিক, অর্থনৈতিক আৰু শৈক্ষিক বিকাশক মৌলিক লক্ষ্য হিচাপে লৈ আদর্শ গাঁও হিচাপে গঢ়ি তোলা হ’ব।প্ৰতিখন আদর্শ গাঁৱৰ বাবে ৫ কোটি টকাৰ ব্যৱস্থা কৰা হ’ব। এই আঁচনিখনৰ সফল আৰু কাৰ্যক্ষম ৰূপায়ণৰ বাবে ৫৪ জন পৰিদৰ্শক বিষয়াক দায়িত্ব দিয়া হৈছে যাতে উন্নয়নৰ পৰিকল্পনা প্রস্তুত কৰাৰ‌ লগতে ইয়াক কাৰ্যকৰীকৰণৰ বাবেও তদাৰক কৰিব পাৰে।

পৰিদৰ্শনকাৰী বিষয়াসকলৰ সৈতে হোৱা বৈঠকত মুখ্যমন্ত্রীয়ে কয় যে আঁচনিখন এনেদৰে কাৰ্যকৰী কৰিব লাগিব যাতে আঁচনিখন ৰূপায়ণৰ ক্ষেত্ৰত অসম এখন আদৰ্শ ৰাজ্য হিচাপে পৰিগণিত কৰিব পৰা যায়। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে প্রাথমিক কাম-কাজ কৰাৰ বাবে চৰকাৰে প্ৰতিখন ৰাজহ গাঁৱৰ বাবে ৫০ লাখ টকাকৈ ইতিমধ্যে মুকলি কৰি দিছে। এই ধন সঠিকভাৱে ব্যয় কৰিলে পৰৱৰ্তী কিস্তি মুকলি কৰি দিয়া হ’ব বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে গাঁওবাসীৰ অংশীদাৰিত্বৰে এই আঁচনিখন সফল ৰূপায়ণ সুনিশ্চিতকৰিবলৈ বিষয়াসকলক নির্দেশ দিয়ে।

আজিৰ এই বৈঠকত ৰূপান্তৰ আৰু উন্নয়ন বিভাগৰ অতিৰিক্ত মুখ্য সচিব পৱন কুমাৰ বৰঠাকুৰ আৰু প্ৰধান সচিব অৰ্চনা বার্মা উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.