সদৌ অসম টাই আহোম ছাত্ৰ সন্থাই অসম আৰক্ষীৰ মহা পৰিদৰ্শক , এছ টি এফৰ মূৰব্বী ডঃ পাৰ্থ সাৰথি মহন্তক তেঁও সমাজ জীৱনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে শ্বহীদ ডিম্বেশ্বৰ গগৈৰ সোঁৱৰণত প্ৰথমবাৰৰ বাবে প্ৰদান কৰিছে সাহসী বঁটা। ৩০ ডিচেম্বৰৰ দিনা বিয়লি গুৱাহাটীৰ শঙ্কৰদেৱ কলাক্ষেত্ৰ চৌহদৰ ডঃ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত সদৌ টাই আহোম ছাত্ৰ সন্থাই শ্বহীদ ডিম্বেশ্বৰ গগৈৰ সোঁৱৰণত উদযাপন কৰা সন্ত্ৰাসবাদ বিৰোধী দিৱসৰ অনুষ্ঠানত আৰক্ষী মহা পৰিদৰ্শক ডঃ পাৰ্থ সাৰথি মহন্তক এই বঁটা প্ৰদান কৰা হয়। এই বঁটাত আছে এখন প্ৰশস্তি পত্ৰ, পাটৰ চেলেং , এটা ড্ৰেগন, এখন হেংদান, মুগাৰ চাপকন আৰু মুগাৰ পাগ । ইফালে সন্থাৰ সভাপতি বসন্ত গগৈৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত ডঃ পাৰ্থ সাৰথি মহন্তক বঁটা প্ৰদান কৰে শ্বহীদ মাতৃ মৃণালকান্তি গগৈয়ে। অনুষ্ঠানত অসম চৰকাৰৰ শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু, এন আৰ এলৰ সঞ্চালক সঞ্জীৱ ফুকন, জ্যেষ্ঠ সাংবাদিক শোণিত ভূঞা, সন্থাৰ সাধাৰণ সম্পাদকদ্বয় দিগন্ত চাংমাই আৰু অচ্যুত বৰগোহাঁইসহ ধৰি বিষয়ববীয়া সকল উপস্থিত আছিল।
Trending
- সামাজিক ন্যায় আৰু সবলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাৰ সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ ৮২সংখ্যক কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ
- সৰুসজাই ষ্টেডিয়ামত ১১হেজাৰ শিল্পীয়ে পৰিবেশন কৰিব বড়ো লোক নৃত্যানুষ্ঠান ‘বাগৰুম্বা দ’হৌ
- আই আই টি গুৱাহাটী আৰু বালিপাৰা ফাউণ্ডেচনৰ মাজত বুজাবুজি চুক্তি-পূৱ হিমালয়ৰ পৰিৱেশ সংৰক্ষণ, শক্তি আৰু জল সুৰক্ষাৰ বাবে নতুন উদ্ভাৱন নীতিত কাম কৰাৰ লক্ষ্য
- স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি সন্দৰ্ভত কামৰূপ (ম)জিলা প্ৰশাসনৰ সভা
- টপচেম চিমেণ্ট আৰু ভাৰতীয় ৰেডক্ৰচ ছছাইটিয়ে যৌথভাবে ৰক্তদান শিবিৰ আয়োজন
- এইচডিএফচি বেংকে এপিকে জালিয়াতিৰ বিৰুদ্ধে নাগৰিক সুৰক্ষাৰ বাবে গুৰুত্বপূৰ্ণ সতৰ্কবাণী জাৰি কৰিছে
- ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈক সশ্ৰদ্ধ স্মৰণ কামৰূপ (ম) জিলা প্ৰশাসনৰ
- NSE CROSSES 230 MILLION INVESTOR ACCOUNTS, RETAIL PARTICIPATION SOARS
- উৰিয়ামঘাটৰ ৰেঙমা জলসিঞ্চন আঁচনি পৰ্যবেক্ষণ মন্ত্ৰী অশোক সিংহলৰ
- চি আৰ পি এফৰ মুখ্য কাৰ্যালয়ত মা কামাখ্যাৰ ফটো সযতনে ৰাখিছে সঞ্চালক প্ৰধান জ্ঞানেন্দ্ৰ প্ৰতাপ সিঙে, গুৱাহাটীৰ আৰক্ষী আয়ুক্ত ডঃ পাৰ্থ সাৰথি মহন্তৰ পৰা বুজ অসমৰ পৰিস্থিতি