অসম আৰক্ষী বাহিনীৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

0 309

১৯৮০ চনৰ ১৯ মাৰ্চত চৈয়দ মজিবুৰ ৰহমানক অধিনায়ক হিচাপে লৈ ১৪৯ গৰাকী জোৱানৰে অভয়াপুৰীত জন্মলাভ কৰা আৰু পৰবৰ্তী পৰ্য্যায়ত ১৯৮৫ চনৰ ১ মাৰ্চত শোণিতপুৰ জিলাৰ জামুগুৰিহাটলৈ মুখ্য কাৰ্যালয় হিচাপে স্থায়ী ঠিকনা লাভ কৰা দ্বাদশ অসম আৰক্ষী বাহিনীৰ ৪৩ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি পালন কৰা হয়। এই উপলক্ষে বাহিনীৰ মুখ্যালয়ৰ শ্বহীদ বেদীত বাহিনীটোৰ অধিনায়ক কমল কুমাৰ গুপ্তাই শ্ৰদ্ধাঞ্জলি নিবেদন কৰি প্ৰতিষ্ঠা দিৱসৰ শুভাৰম্ভ কৰে। আনহাতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতেই বাহিনীৰ পেৰেড গ্ৰাউণ্ডত অধিনায়ক কমল কুমাৰ গুপ্তাই পতাকা উত্তোলন কৰি বাহিনীটোৰ জোৱান সকলে প্ৰদৰ্শন কৰা আনুষ্ঠানিক কুচ কাৱাজৰ অভিবাদন গ্ৰহন কৰে। অধিনায়ক গৰাকীয়ে আনুষ্ঠানিক কুচ কাৱাজৰ অভিবাদন গ্ৰহন কৰি দ্বাদশ অসম আৰক্ষী বাহিনীয়ে জন্মলগ্নৰ পৰা ৰাষ্ট্ৰৰ সেৱাৰ বাবে লোৱা কৰ্মৰাজিৰ খতিয়ান দাঙি ধৰি বাহিনীৰ ২১টা প্লাটুন ৰাজ্যৰ আইন শৃংখলাৰ কামত নিয়োজিত হৈ থকাৰ লগতে এটা প্লাটুন কলিয়াভোমোৰা দলংৰ নিৰাপত্তাৰ দায়িত্বত নিয়োজিত হৈ থকাৰ কথা সদৰি কৰে ।বিশ্বনাথৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ আৰু আৰক্ষী অধীক্ষক লীনা দলেই অংশ গ্ৰহন কৰা প্ৰতিষ্ঠা দিৱসত ঝুমুৰ আৰু মিচিং বিহু আৰু নেপালী নৃত্য প্ৰদৰ্শন কৰা হয়।
বাতৰি যুগুতালে জামুগুৰিহাট পৰা ৰাতুল হাজৰিকাই

Leave A Reply

Your email address will not be published.