গুৱাহাটীৰ গণেশগুৰিস্থিত অসম খনিজ উন্নয়ন নিগমৰ মুখ্য কাৰ্যালয় চৌহদত শুকুৰবাৰে মুখ্যমন্ত্ৰীৰ প্ৰাতিষ্ঠানিক বৃক্ষৰোপণ প্ৰকল্পৰ শুভাৰম্ভ কৰা হয় । এটি গছপুলি ৰোপণ কৰি কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে নিগমৰ উপাধ্যক্ষ অশোক কুমাৰ ভঁৰালীয়ে । এই উপলক্ষে আয়োজিত চমু অনুষ্ঠানত অশোক কুমাৰ ভঁৰালীয়ে পৰিবেশ সংৰক্ষণ আৰু সুৰক্ষাৰ লগতে জৈৱ বৈচিত্ৰ সংৰক্ষণ কেনেদৰে হ’ব পাৰি সেই বিষয়ে বক্তব্য আগবঢ়ায় । অনুষ্ঠানত নিগমৰ পৰিচালন সঞ্চালক এন আনন্দকে ধৰি বিষয়া – কৰ্মচাৰী সকল উপস্থিত থাকে । আনহাতে উপাধ্যক্ষ অশোক কুমাৰ ভঁৰালী আৰু পৰিচালন সঞ্চালক এন আনন্দৰ নেতৃত্বত বিষয়া – কৰ্মচাৰী সকলে কাৰ্যালয় চৌহদত ফলাহাৰীকে। ধৰি থলুৱা বিভিন্ন প্ৰজাতিৰ প্ৰায় ৮০ টা গছপুলি ৰোপণ কৰে ।
Trending
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান