কামৰূপ জিলাৰ শেহতীয়া বানত ক্ষতিগ্ৰস্ত গৃহৰ তালিকা চূড়ান্তকৰণ সন্দৰ্ভত অনুষ্ঠিত হ’ল জিলা দুৰ্যোগ প্ৰাধিকৰণৰ বিশেষ বৈঠক

0 198

আজি কামৰূপ জিলাৰ সংহত উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত শেহতীয়া বানত জিলাখনৰ ক্ষতিগ্ৰস্ত গৃহৰ তালিকা চূড়ান্তকৰণ সন্দৰ্ভত এক বিশেষ বৈঠক অনুষ্ঠিত হয়। পৰিৱেশ আৰু বন বিভাগৰ মন্ত্ৰী তথা জিলাৰ অভিভাৱক মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অংশ গ্ৰহণ কৰা এই বৈঠকত ২৫টা পুনৰীক্ষণ গোটে যোৱা ২৪ জুলাইৰ পৰা ২৭ জুলাইলৈ বানাক্ৰান্ত গাঁওৰ ক্ষতিগ্ৰস্ত গৃহ সমূহৰ পুনৰীক্ষণত পোৱা তথ্য সমূহৰ পৰ্যালোচনা কৰা হয়।

উল্লেখ্য যে পুনৰীক্ষণৰ পূৰ্বে জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ক্ৰমাগত ৩ খন বৈঠকত বিভিন্ন ৰাজহ চক্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত সৰ্বমুঠ ২০,৩৬৫ টা গৃহ আংশিক তথা সম্পূৰ্ণ ক্ষতিগ্ৰস্ত গৃহৰ তালিকাত অন্তৰ্ভূক্ত কৰা হৈছিল। পুনৰীক্ষণৰ ২৫ টা গোটে ইতিমধ্যে ৰঙিয়া ৰাজহ চক্ৰৰ অধীনত ক্ষতিগ্ৰস্ত গাঁওৰ তালিকাভুক্ত ১০৫১ টা, কঞা ৰাজহ চক্ৰৰ ৩৮৪টা, কমলপুৰ ৰাজহ চক্ৰৰ ৭৩৩টা, হাজো ৰাজহ চক্ৰৰ ১৫৯০টা, উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ ৪৮০টা ক্ষতিগ্ৰস্ত গৃহৰ চৰজমিন পুনৰীক্ষণ কৰিছে। বানক্ষতিগ্ৰস্ত উত্তৰ কামৰূপৰ ৫টা ৰাজহ চক্ৰৰ অধীনৰ তালিকাভুক্ত ক্ষতিগ্ৰস্ত গৃহৰ প্ৰায় ২১.৮১ শতাংশ পুনৰীক্ষণ গোট সমূহে পৰিদৰ্শন কৰিছে আৰু পুনৰীক্ষণৰ পিছত মুঠ গৃহ ক্ষতিগ্ৰস্তৰ সংখ্যা ২৪৯ টালৈ বৃদ্ধি হৈছে। এতিয়া এই চূড়ান্ত তালিকাখন জিলাৰ অভিভাৱক সচিব ড° ওম প্ৰকাশে পুনৰ এবাৰ অৱলোকন কৰাৰ পিছত ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ওচৰত দাখিল কৰা হব।

আজিৰ বৈঠকত জিলাৰ উপায়ুক্ত কীৰ্তি জল্লী, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, জিলা পৰিষদৰ মুখ্য কায্যবাহী বিষয়া পৰাগ কাকতি, চক্ৰ বিষয়া সকল, খণ্ড উন্নয়ন বিষয়া সকলৰ উপৰি ২৫টা পুনৰীক্ষণ গোটৰ মুৰব্বী সকলে অংশ গ্ৰহণ কৰে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.