মিচিং জাতীয় সংগঠনৰ  পূব ঢকুৱাখনাৰ ৪৮ শিক্ষাৰ্থীক সম্বৰ্ধনা

0 189

সাম্প্ৰতিক শিক্ষা ব্যৱস্থা অতি প্ৰতিযোগিতামূলক আৰু কষ্টসাধ্য ।এনে প্ৰেক্ষাপটত নিজৰ শৈক্ষিক জীৱনৰ কৃতকাৰ্যতা আৰু  সফলতা লাভৰ বাবে  শিক্ষাৰ্থী সকলে কঠোৰ  অধ্যয়নত ব্ৰতী হবই লাগিব। নিজৰ  বিদ্যায়তনিক ভৱিষ্যত সমুজ্জ্বল কৰি একো একোজন উৎকৃষ্ট মানৱ সম্পদ হিচাবে সমাজত পৰিচিত হবলৈ  পৰিশ্ৰম কৰিবই লাগিব। সফলতা লাভৰ, কৃতকাৰ্যতা অৰ্জনৰ  পথ সহজ আৰু মসৃণ  নহয়। নিজৰ লক্ষ্য স্থিৰ কৰি  একাগ্ৰতাৰে অধ্যয়নৰ অবিহনে সফলতা অর্জন সম্ভৱ নহয় ।  গতিকে নিজৰ লগতে পৰিয়াল ,গাঁও সমাজক গতিশীলতা প্ৰদানৰ হেতু  এখন সুস্থ সমাজ  সভ্যতা গঠনৰ বাবে শিক্ষাৰ্থী সকলে  নিৰন্তৰ আৰু প্ৰণালীবদ্ধ অধ্যয়ন কৰিবই লাগিব। শুক্ৰবাৰে শিক্ষাৰ্থীক সকলক উদ্দেশ্যি এই মন্তব্য কৰে  মিচিং জনগোষ্ঠীয় নেতা  তথা এম এম কেৰ কেন্দ্ৰীয়  যুটীয়া  সম্পাদক ইন্দ্ৰ কুমাৰ চুংক্ৰাংয়ে । ৬ মিচিং জাতীয় সংগঠন ক্ৰমে টাকাম মিচিং পৰিন কৌবাং ,টাকাম মিচিং মিমাগ কৌবাং ,টাকাম মিচিং মিমে কৌবাং ,মিচিং বানে কৌবাং ,মিচিং আগম কৌবাং আৰু মিচিং দৃৰবৃ কৌবাংৰ যৌথ উদ্যোগত শুক্ৰবাৰে অনুষ্ঠিত হোৱা এক সম্বৰ্ধনা অনুষ্ঠানৰ সভাত সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰি চুংক্ৰাংয়ে এনেদৰে কয় । পূব ঢকুৱাখনাৰ যোগীসুঁতি  জনজাতি উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত  অনুষ্ঠিত সম্বৰ্ধনা সভাত  মিচিং বানে কৌবাংৰ পূব ঢকুৱাখনা আঞ্চলিক  সমিতিৰ সভাপতি পৰীক্ষিত মিলিয়ে সভাপতিত্ব কৰে। মনোজ্ঞ ভাষনেৰে  সম্বৰ্ধনা সভা শুভ  উদ্ধোধন  কৰে টি এম পি কেৰ  কেন্দ্ৰীয় সাহিত্য  সম্পাদক  চান পাংগিংয়ে । সভাত  সমল ব্যক্তি হিচাবে এম এম কেৰ কেন্দ্ৰীয় সভাপতি তথা এম এ চিৰ অধ্যক্ষ  সুনীল পেগু , টি এম পি কেৰ  কেন্দ্ৰীয় সাংগঠনিক সম্পাদক যতীন পেগু, ঢকুৱাখনা মহাবিদ্যালয়ৰ অধ্যাপক প্ৰবীণ দলেয়ে কৃতিত্বৰে উত্তীৰ্ণ সকলৰ পাঠ্যক্ৰম নিৰ্বাচন , বৃত্তিমুখী শিক্ষা আদিৰ দিক নিৰ্দেশনা প্ৰদান কৰি প্ৰেৰণা দায়ক মন্তব্য আগবঢ়াই।  জাতিয় সংগঠনটোৰ বিষয়ববীয়া ক্ৰমে নাথুৰাম পেগু  , মলেচ দলে , জ্যোতিষ পেগু ,দীপাঞ্জল দলে , মুহিৰাম পেগু ,মোহন পেগু দ্বীপেন দলে , বৃগেন দলে , ভূপেন দলে ,  অমৃত দলে,
কাশ্মিৰীকা দলে , বালাজ্যোতি দলে , মনোজ দাৰিক , জ্যোতিষ দলে , মাণিক দলে , গীতা মিলি আৰু
অভিভাৱক ৰাইজ  ,শিক্ষক শিক্ষাৰ্থী আৰু শিক্ষাব্রতী ৰাইজ উপস্থিত থকা সম্বৰ্ধনা সভাত  অঞ্চলটোৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা মুঠ ৪৮ গৰাকী কৃতিমান শিক্ষাৰ্থীক গামোচা , অভিনন্দন পত্ৰৰে সন্মানিত কৰা হয়।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.