অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ যৌথ উদ্যোগত অহা ২৯ ডিচেম্বৰ পৰা ৯ জানুৱাৰী লৈকে গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত অনুষ্ঠিত হ’ব লগীয়া অসম গ্ৰন্থমেলা লাইখুঁটা স্থাপন সম্পন্ন কৰা হয়। অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত আয়োজন কৰা এক মাংগলিক অনুষ্ঠানত লাইখুঁটা স্থাপন কৰে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা আৰু বিশিষ্ট সাহিত্যিক সাংবাদিক সমালোচক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে।অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ তথা বিশিষ্ট অভিধান প্ৰণেতা সুমন্ত চলিহাই অসম গ্ৰন্থমেলাই অসমৰ গ্ৰন্থ সাংস্কৃতিক বাবে বহু নতুন দিশ উন্মোচন কৰিব বুলি উল্লেখ কৰে।ভাষণ প্ৰসংগত চলিহাই অসম গ্ৰন্থমেলা সফল সমাপন বাবে সকলো পক্ষৰে সহযোগিতা কামনা কৰে।অনুষ্ঠানৰ আৰম্ভণিতে অসম প্ৰকাশন পৰিষদ সচিব প্ৰমোদ কলিতাই অসম গ্ৰন্থমেলা আয়োজন সন্দৰ্ভত বিস্তৃত বাখ্যা আগবঢ়াই।প্ৰমোদ দাসে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক সাংবাদিক সমালোচক ফণীন্দ্ৰ কুমাৰ দেৱচৌধুৰীয়ে কয় যে এই গ্ৰন্থমেলাই অসমৰ গ্ৰন্থ প্ৰকাশক বিক্রেতা তথা লেখক সকললৈ এক নতুন উদ্যম কঢ়িয়াই আনিব।অনুষ্ঠানত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্রেতা সংস্থাৰ সভাপতি ইমৰান আহমদ ,সাধাৰণ সম্পাদক ধীৰাজ গোস্বামী, প্ৰকাশন পৰিষদৰ সদস্য ড° প্ৰশান্ত চক্ৰৱৰ্তীকে ধৰি বহু সংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা