অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ৰামপুৰ আঞ্চলিক সমিতি গঠন

0 99

আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ জিলা আহ্বায়ক সমিতিৰ সৌজন্যত ৰামপুৰ আঞ্চলিক সমিতি গঠনৰ উদ্দেশ্য “নহিৰা গুইমাৰা আঞ্চলিক হাইস্কুল” প্ৰাংগণত এখনি সভা জিলা সমিতিৰ মুখ্য আহ্বায়ক মদন দাসৰ সভাপতিত্বত আড়ম্বৰপূৰ্ণ পৰিৱেশৰ মাজত অনুষ্ঠিত হয়।সভাৰ উদ্দেশ্য ব্যাখ্যা কৰি সমিতিৰ আহ্বায়ক শিৰষ দাসে কয়- আমি অসমৰ প্ৰতিটো জ্বলন্ত সমস্যা সমাধানৰ বাবে দিল্লীৰ ওচৰত হাত পাতিব লাগে, ই দুৰ্ভাগ্যজনক।আমি প্ৰতিবাদ নকৰিলে একোৱেই নাপাও। সভাত মুখ্য অতিথিৰ ভাষণ দি অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য তথা কবি-সাংবাদিক দীপক শৰ্মাই কয়- অসমৰ প্ৰধানত: জ্বলন্ত সমস্যা বান-গৰাখহনীয়া সমস্যাটি সমাধানৰ বাবে আমি সকলোৱে একত্ৰিত হ’ব লাগিব । দিল্লীৰ চকু মেল খুৱাব লাগিব। অসমৰ ভূমিৰ সমস্যা, অসমৰ ভূমি অইন ৰাজ্যৰ মানুহে যাতে কিনিব নোৱাৰে, তাৰো ব্যৱস্থা কৰিবৰ বাবে অসমৰ প্ৰতিটো দল-সংগঠন একত্ৰিত হৈ ইয়াক কাৰ্যকৰী কৰিব লাগিব । সকলো সমস্যাৰে সমাধান আছে । গতিকে, আমি সৰ্বতোপ্ৰকাৰে প্ৰতিখন গাঁৱৰ পৰা দুখীয়া-নিচলা নোহোৱা কৰিব লাগিব।
সভাত জাতীয় মহিলা সমিতিৰ কেন্দ্ৰীয় সভাপতি বিনিতা কুমাৰী, কামৰূপ জিলা জাতীয় মহিলা সমিতিৰ সভাপতি অদিতি কলিতা, সম্পাদক দীপাঞ্জলি ৰাভা,গুৱাহাটী জিলা যুৱ ছাত্ৰ পৰিষদৰ সাংগঠনিক সম্পাদক সঞ্জয় বিশ্বাসৰ নিজস্ব ভাষণত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লক্ষ্য, উদ্দেশ্যে, ইয়াৰ গতি, প্ৰকৃতি সুন্দৰ ভাৱে বুজাই কয়।সভাৰ বিভিন্ন আলোচনাৰ অন্তত ৰফিকুল হকক সভাপতি,জনা দাস, তফজুল ৰহমানক উপ-সভাপতি, ধনমণি দাসক সাধাৰণ সম্পাদক, অলক দাস, গৌৰৱ দাসক যুটীয়া সম্পাদক, চিত্ৰময়ী দাস, লতিকা দাসক সাংগঠনিক সম্পাদক, গৌতম দাসক প্ৰচাৰ সম্পাদক, ফইজুল ৰহমানক সমাজসেৱা সম্পাদক হিচাপে এখনি শক্তিশালী সমিতি গঠন কৰা হয়।

Leave A Reply

Your email address will not be published.