অসম চৰকাৰৰ বিত্ত বিভাগৰ অধীনত বিভিন্ন বিভাগত কৰ্মৰত হৈ অসম বিত্ত সেৱাৰ সাতজনকৈ বিষয়াই অৱসৰ গ্ৰহণ কৰা উপলক্ষে উপলক্ষে পহিলা আগষ্টত আগষ্টত দিছপুৰৰ হিচাব আৰু কোষাগাৰ সঞ্চালকালয়,অসমৰ প্ৰশিক্ষণ প্ৰেক্ষাগৃহত এখন বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত হয় । অসম বিত্ত সেৱা , সন্থা অসমৰ সভাপতি প্ৰণব শৰ্মাৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা সভাখনত ৩১ জুলাইত অৱসৰ গ্ৰহণ কৰা ক্ৰমে সুভাস চন্দ্ৰ দাস (জ্যেষ্ঠ বিত্তীয় উপদেষ্টা ),দিগন্তজ্যোতি গগৈ ( জ্যেষ্ঠ বিত্তীয় উপদেষ্টা ),চেৰাফুদ্দিন আহমেদ ৱাৰ্চি ( জ্যেষ্ঠ বিত্তীয় উপদেষ্টা ),সত্যৰঞ্জন ৰয় (যুটীয়া সঞ্চালক,অসম প্ৰশাসনিক মহাবিদ্যালয় ),বলেন চন্দ্ৰ বড়ো,(সঞ্চালক,হিচাপ আৰু কোষাগাৰ সঞ্চালকালয় ),যাদব চন্দ্ৰ দাস ( সঞ্চালক,পেঞ্চন সঞ্চালকালয়,অসম ),প্ৰশান্ত বৰগোহাঁইক (বিত্ত আৰু গানণিক বিষয়া ) বিপুল সম্বৰ্ধনা জনোৱা হয় । অৱসৰ গ্ৰহণ কৰা আটাইকেইজনে তেওঁলোকৰ চাকৰি জীৱনৰ অলেখ তিতা-মিঠা কাহিনী ব্যক্ত কৰে আৰু সন্থাৰ উত্তৰোত্তৰ উন্নতি কামনা কৰে । সভাত সন্হাৰ সম্পাদক নৱজ্যোতি গগৈ , সভাপতি প্ৰণব শৰ্মাই অবসৰী বিষয়া কেইগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে । সভাত প্ৰচাৰ সম্পাদক পৰেশজিৎ দাসকে ধৰি কেবাজনেও ভাষণ প্ৰদান কৰে ।
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই