অসম চৰকাৰৰ বিত্ত বিভাগৰ অধীনত বিভিন্ন বিভাগত কৰ্মৰত হৈ অসম বিত্ত সেৱাৰ সাতজনকৈ বিষয়াই অৱসৰ গ্ৰহণ কৰা উপলক্ষে উপলক্ষে পহিলা আগষ্টত আগষ্টত দিছপুৰৰ হিচাব আৰু কোষাগাৰ সঞ্চালকালয়,অসমৰ প্ৰশিক্ষণ প্ৰেক্ষাগৃহত এখন বিদায় সম্বৰ্ধনা সভা অনুষ্ঠিত হয় । অসম বিত্ত সেৱা , সন্থা অসমৰ সভাপতি প্ৰণব শৰ্মাৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা সভাখনত ৩১ জুলাইত অৱসৰ গ্ৰহণ কৰা ক্ৰমে সুভাস চন্দ্ৰ দাস (জ্যেষ্ঠ বিত্তীয় উপদেষ্টা ),দিগন্তজ্যোতি গগৈ ( জ্যেষ্ঠ বিত্তীয় উপদেষ্টা ),চেৰাফুদ্দিন আহমেদ ৱাৰ্চি ( জ্যেষ্ঠ বিত্তীয় উপদেষ্টা ),সত্যৰঞ্জন ৰয় (যুটীয়া সঞ্চালক,অসম প্ৰশাসনিক মহাবিদ্যালয় ),বলেন চন্দ্ৰ বড়ো,(সঞ্চালক,হিচাপ আৰু কোষাগাৰ সঞ্চালকালয় ),যাদব চন্দ্ৰ দাস ( সঞ্চালক,পেঞ্চন সঞ্চালকালয়,অসম ),প্ৰশান্ত বৰগোহাঁইক (বিত্ত আৰু গানণিক বিষয়া ) বিপুল সম্বৰ্ধনা জনোৱা হয় । অৱসৰ গ্ৰহণ কৰা আটাইকেইজনে তেওঁলোকৰ চাকৰি জীৱনৰ অলেখ তিতা-মিঠা কাহিনী ব্যক্ত কৰে আৰু সন্থাৰ উত্তৰোত্তৰ উন্নতি কামনা কৰে । সভাত সন্হাৰ সম্পাদক নৱজ্যোতি গগৈ , সভাপতি প্ৰণব শৰ্মাই অবসৰী বিষয়া কেইগৰাকীৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে । সভাত প্ৰচাৰ সম্পাদক পৰেশজিৎ দাসকে ধৰি কেবাজনেও ভাষণ প্ৰদান কৰে ।
Trending
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ