কামৰূপ জিলাৰ অৰুণোদয় আঁচনিৰ জৰীপকাৰী তথা চুপাৰভাইচাৰ সকলৰ প্ৰশিক্ষণ প্ৰদান কাৰ্যসূচীৰ শুভ-উদ্বোধন

0 199

অহা ২০ আগষ্টৰ পৰা ২০ চেপ্তেম্বৰলৈ হবলগীয়া অৰুণোদয় মাহৰ কামৰূপ জিলাৰ জৰীপকাৰী গোটৰ সদস্য আৰু চুপাৰভাইচাৰ সকলৰ বাবে অনুষ্ঠিত প্ৰশিক্ষণ প্ৰদান অনুষ্ঠানৰ কালি শুভাৰম্ভ কৰে ৰাজ্য চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগে। এই অনুষ্ঠানত প্ৰাক্তন মন্ত্ৰী তথা ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাইও অংশ গ্ৰহণ কৰে। এই উপলক্ষে সংহত জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত অনুষ্ঠানত বিত্ত মন্ত্ৰী গৰাকীয়ে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ জৰীপ কাৰ্য চলোৱাৰ বাবে প্ৰশিক্ষণত ভাগ লোৱা জিলাখনৰ বিভিন্ন শৈক্ষিক প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকলক অভিনন্দন জনোৱাৰ উপৰিও তেওঁলোক এই ক্ষেত্ৰত সৌভাগ্যৱান বুলি উল্লেখ কৰে। এই প্ৰসঙ্গত তেওঁ কয় যে দেশৰ ভিতৰতে আটাইতকৈ বহৎ হিতাধিকাৰীলৈ প্ৰত্যক্ষ ধনৰাশি হস্তান্তৰ আঁচনি (D.B.T.)ৰ জৰীপ কাৰ্য চলোৱাৰ বাবে সুবিধা পাইছে। বৰ্তমানৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা বিত্তমন্ত্ৰী হৈ থাকোতে ২০২০ চনত এই আচঁনিখন আৰম্ভ কৰিছিল বুলি উল্লেখ কৰি এই জৰীপ কাৰ্য চলোৱা প্ৰশিক্ষাণাৰ্থী সকলে এক মহান কাম কৰাৰ দিশত অগ্ৰসৰ হৈছে বুলি কৈ ইয়াৰ বাবে তেওঁ প্ৰতিগৰাকী প্ৰশিক্ষাৰ্থীক কৃতজ্ঞতা তথা ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে ৰাজ্যখনৰ প্ৰায় ২০ লাখ হিতাধিকাৰীক সামৰি লোৱা এই আচঁনিখনৰ তথ্য ডিজিটাইজ কৰাৰ বাবে লোৱা পদক্ষেপৰ বাবে জিলা উপায়ুক্ত সকলক ধন্যবাদ জনায়। মন্ত্ৰী গৰাকীয়ে জৰীপ কাৰ্য চলোৱাৰ সময়ত জৰীপকাৰী সকলে মানি চলিবলগীয়া কৰ্তব্যৰ ওপৰত আলোকপাত কৰাৰ উপৰি এই তথ্য পূৰণ কৰাৰ সময়ত যথেষ্ট সচেতন হোৱাৰ বাবে আহ্বান জনায়।
অনুষ্ঠানত অংশগ্ৰহণ কৰি প্ৰদান কৰা ভাষণত ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাই কয় যে ৰাজ্য চৰকাৰে অৰুণোদয় আচঁনিৰ এক নিৰপেক্ষ জৰীপ কাৰ্য চলোৱাৰ বাবে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক নিয়োজিত কৰিছে। মুখ্যমন্ত্ৰীৰ এনেধৰণৰ ইতিবাচক পদক্ষেপক আদৰণি জনাই আগন্তুক দিনত ৰাজ্য চৰকাৰে এই আঁচনিখনৰ অধীনত নতুন হিতাধিকাৰী অন্তৰ্ভূক্তিৰ ব্যৱস্থা কৰিব বুলি তেওঁ দোহাৰে। তেখেতে প্ৰশিক্ষাৰ্থী সকলক অতি দায়বদ্ধতাৰে এই জৰীপৰ কাম সমধা কৰাৰ বাবে আহ্বান জনায়।

জিলা উপায়ুক্ত কীৰ্তি জল্লীয়ে আদৰণি ভাষণ প্ৰদান কৰা এই অনুষ্ঠানত প্ৰশিক্ষাৰ্থী সকলৰ বাবে প্ৰস্তুত কৰা এক প্ৰেজেন্টেশ্যনো প্ৰদান কৰা হয়। প্ৰেজেন্টেশ্যনত জৰীপ কাৰ্য চলোৱাৰ সময়ত ব্যৱহাৰ কৰিবলগীয়া এপ্লিকেশ্যন এপ তথা মানি চলিবলগীয়া নিয়মাৱলী সম্বন্ধে আলোকপাত কৰা হয়।

উল্লেখ্য যে কামৰূপ জিলাত ১ লাখ ৮ শ ৪৭ গৰাকী আৰুণোদয়ৰ হিতাধিকাৰী আছে। জৰীপকাৰী গোট সমূহে অহা ২০ আগষ্টৰ পৰা ২০ চেপ্তেম্বৰলৈ ইয়াৰ জৰীপ কাৰ্য চলাব। ইয়াৰ বাবে ৮০৪ গৰাকী জৰীপকাৰী আৰু ২০৬ গৰাকী চুপাৰভাইচাৰৰ প্ৰশিক্ষণ কায্যসূচী আজি আৰু কাইলৈ অনুষ্ঠিত হৈছে।আজিৰ এই অনুষ্ঠানত জিলা উন্নয়ন আয়ুক্ত, অতিৰিক্ত উপায়ুক্ত সকল, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি, চক্ৰ বিষয়া সকলৰ লগতে প্ৰশিক্ষাৰ্থী সকল উপস্থিত থাকে।

আজিৰ এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীৰ আহ্বানৰ প্ৰতি সহাৰি জনাই অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ তালিকাৰ পৰা স্ব-ইচ্ছাই নাম কৰ্তন কৰা কুসুম দেৱী আৰু নিৰুজা বিবিক প্ৰশংসাসূচক মান-পত্ৰ প্ৰদান কৰে বিত্ত মন্ত্ৰী অজন্তা নেওগে।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.