অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন- ভোটদানৰ হাৰ: ৮৪.৪২শতাংশ

0 60

আজি সমগ্ৰ ৰাজ্যজুৰি অসম বিধান সভাৰ সাধাৰণ নিৰ্বাচন, ২০২৬ৰ ভোটগ্ৰহণ শান্তিপূৰ্ণ আৰু শৃংখলাবদ্ধভাৱে সফলতাৰে অনুষ্ঠিত হয়।

সমগ্ৰ জিলাৰ পৰা পোৱা তথ্য অনুসৰি, সন্ধিয়া ৫:০০ বজালৈ ৮৪.৪২% ভোটদান সম্পন্ন হৈছে। ৰাজ্যজুৰি ভোটাৰে গভীৰ উৎসাহেৰে নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰে। ঠায়ে ঠায়ে প্ৰতিকূল বতৰকো নেওচি ভোটাৰসকলে উৎসাহেৰে ভোটদান কৰে। ভোটগ্ৰহণৰ অন্তিম সময়ছোৱাতো বহু ভোটকেন্দ্ৰত দীঘলীয়া শাৰী দেখা যায় আৰু ভোটদানৰ চূড়ান্ত পৰিসংখ্যা ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ পিছতহে জ্ঞাত হ’ব।

নিৰ্বাচনত স্বচ্ছতা আৰু সকলো ভোটাৰৰ অংশগ্ৰহণ সুনিশ্চিত কৰাৰ বাবে সকলো ভোটকেন্দ্ৰত নিৰ্বাচন আয়োগে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল। আইন-শৃংখলা বজাই ৰাখিবলৈ নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হৈছিল আৰু জ্যেষ্ঠ নাগৰিক, দিব্যাংগ আৰু অন্যান্য ভোটাৰৰ সুবিধাৰ বাবে উপযুক্ত সহায় আগবঢ়োৱা হৈছিল।

ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলে ৰাজ্যৰ সকলো নাগৰিককে তেওঁলোকৰ সক্ৰিয় অংশগ্ৰহণ আৰু সহযোগিতাৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে গণতন্ত্ৰৰ এই বৃহৎ উৎসৱত নাগৰিকৰ উৎসাহপূৰ্ণ অংশগ্ৰহণৰ বাবে ভোটগ্ৰহণ সফলভাৱে সম্পন্ন কৰা সম্ভৱ হৈছে। ৫ বজাৰ পিছলৈও নিৰ্দিষ্ট স্থানত অলেখ ভোটাৰৰ উপস্থিতিয়ে ভোটদানৰ প্ৰতি ৰাইজৰ সজাগতাকে প্ৰতিপন্ন কৰে বুলিও তেওঁ উল্লেখ কৰে।

মুখ্য নিৰ্বাচনী বিষয়াগৰাকীয়ে লগতে ভোটগ্ৰহণত নিয়োজিত কৰ্মচাৰী, নিৰাপত্তা বাহিনী আৰু সংশ্লিষ্ট সকলোৰে নিষ্ঠা আৰু অক্লান্ত পৰিশ্ৰমৰ প্ৰশংসা কৰে আৰু তেওঁলোকৰ বাবে শান্তিপূৰ্ণ আৰু সুশৃংখল ভোটগ্ৰহণ সম্ভৱ হৈছে বুলিও তেওঁ কয়।

Leave A Reply

Your email address will not be published.