অসম ষ্টাৰ্ট আপ দ্যা নেষ্টে আজি এবছৰ সম্পূর্ণ কৰে।বৰ্ষপূৰ্তি সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত আজি এক অনুষ্ঠান অনুষ্ঠিত হয়।এই অনুষ্ঠানত উপস্থিত থাকি উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে কয় যে ষ্টাৰ্ট আপ দ্যা নেষ্ট তিনিজন ব্যক্তিৰ চিন্তাৰ ফচল।ভাৰতৰ বিভিন্ন ঠাইৰ লগতে ছানফ্ৰান্সেক্স’ত গৈছো আৰু প্ৰত্যক্ষ কৰিছো বিভিন্ন ষ্টাৰ্ট আপৰ সফলতা।সকলো দেশেই যেতিয়া এই ক্ষেত্ৰত আগবাঢ়ি গৈছে আমাৰ ৰাজ্য অসমনো কিয় পিছপৰি থাকে!এনে চিন্তাৰ আলমতে অসম ষ্টাৰ্ট আপ-দ্যা নেষ্ট গঢ লৈ উঠিছিল। অসফলতাত থমকি ৰ’ব নালাগে ।চেষ্টা অব্যাহত থাকিলে সফলতা অর্জন কৰিব পাৰি।আজিৰ অনুষ্ঠানত বিগত বৰ্ষৰ ষ্টাৰ্ট আপৰ খতিয়ান দাঙি ধৰি বিভিন্নজন উদ্যমীয়ে অসম ষ্টাৰ্ট আপ দ্যা নেষ্টৰ ভূমিকা সম্পর্কে বক্তব্য কৰে।অনুষ্ঠানত আই আই এন কলিকতাৰ প্ৰফেচৰ প্ৰশান্ত মিশ্ৰ,কমিচনাৰ কে কে দ্বিবেদী,এ এ আই ডি চিৰ মেনেজিং ডিৰেক্টৰ মঞ্জুলা এছ ভূঞা উপস্থিত থাকে।স্মৰ্তব্য যে ২০১৯-২০ বৰ্ষত অসম ষ্টাৰ্ট আপ দ্যা নেষ্টে পাঁচটা ষ্টাৰ্ট আপৰ দলক নিৰ্বাচন কৰিছে।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন