অসমত বসবাস কৰা সনাতন ধৰ্মীয় লোকৰ মাজত ঐক্য, সংহতি, ভাতৃত্ববোধ ৰক্ষাৰ বাবে সমন্বয়ৰ বাৰ্তা প্ৰেৰণ কৰাৰ উদ্দেশ্যে অসম সত্ৰ মহাসভাই প্ৰতি বছৰৰ দৰে এইবাৰো সেতুবন্ধ কাৰ্যসূচীৰ আয়োজন কৰে ৷ যোৱা ১৩ মাৰ্চৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে কামৰূপ গ্ৰাম্য জিলাৰ বকোৰ দক্ষিণ কূলীয়া, শ্ৰীশ্ৰী বৰবিষ্ণু আতাৰ থান, শ্ৰীশ্ৰী ছমৰীয়া সত্ৰ, পশ্চিম ছমৰীয়াত অসম সত্ৰ মহাসভাই আয়োজন কৰা সেতুবন্ধ-২০২১ৰ আজি সফলতাৰে সামৰনি পৰে৷ আজি অন্তিম দিনা অনুষ্ঠিত হোৱা মুকলি সভাত সাহিত্যিক তথা অধ্যাপক ভৱানী প্ৰসাদ অধিকাৰী, মানৱ সেৱক ডক্টৰ দিব্যজ্যোতি শইকীয়া, বিদগ্ধ পণ্ডিত কৃষ্ণ গোস্বামী,আৰু সাংবাদিক কুঞ্জমোহন ৰায়লৈ অসম সত্ৰ মহাসভাই বঁটা প্ৰদান কৰে। শ্ৰীশ্ৰী ছমৰীয়া সত্ৰৰ সত্ৰাধিকাৰ নিগমানন্দ অধিকাৰীয়ে বন্তি প্ৰজ্বলনেৰে ১৩ মাৰ্চৰ সন্ধিয়া সেতুবন্ধ-২০২১ৰ শুভাৰম্ভ কৰে । ইয়াৰ পিছতে নাম-প্ৰসঙ্গৰ অনুষ্ঠান অনুষ্ঠিত হয়। আজি অন্তিম দিনা অৰ্থাৎ ১৬ মাৰ্চত এক বৰ্ণাঢ্য সাংস্কৃতিক শোভাযাত্ৰাৰো আয়োজন কৰা হয়। বিয়লি ২ বজাত এখন মুকলি সভা অনুষ্ঠিত হয়৷ অসম সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি তথা সত্ৰাধিকাৰ লীলাকান্ত মহন্তই উদ্বোধন কৰা আৰু অসম সত্ৰ মহাসভাৰ বৰ্তমানৰ সভাপতি তথা সত্ৰাধিকাৰ জিতেন্দ্ৰ নাথ প্ৰধানীয়ে সভাপতিত্ব কৰা মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে শ্ৰীশ্ৰী বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱনন্দ দেৱ গোস্বামী৷ সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে হোজাই ৰবীন্দ্ৰ নাথ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ অমলেন্দ্ৰ চক্ৰৱৰ্তীয়ে। গ্ৰন্থ উন্মোচন কৰে শ্ৰীশ্ৰী ছমৰীয়া সত্ৰৰ সত্ৰাধিকাৰ নিগমানন্দ অধিকাৰীয়ে৷ বিশিষ্ট অতিথি হিচাপে আমন্ত্ৰণ কৰা হয় সূদৰ্শন ঠাকুৰ, ৰাজীৱ সন্তু, চৰন নাৰ্জাৰী, মিলেশ্বৰ পাটৰ, বলোৰাম ফাংসু, পুৰুষোত্তম উপাধ্যায়, যোগেন্দ্ৰ লাগাচুক৷ এই অনুষ্ঠানতে ৰাজ্যৰ সাহিত্য, সমাজসেৱা, মানৱ সেৱা, সাংবাদিকতা আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা চাৰিগৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে অধ্যাপক ভৱানী প্ৰসাদ অধিকাৰীক সাহিত্যিক বঁটা, ড॰ দিব্যজ্যোতি শইকীয়াক মানৱ সেৱক বঁটা, কৃষ্ণ গোস্বামীক সত্ৰীয়া সংস্কৃতি গৱেষক বঁটাআৰু কুঞ্জ মোহন ৰায়ক সংবাদ বান্ধৱ বঁটা প্ৰদানেৰে সন্মানিত কৰা হয়। আনপিনে সন্ধিয়াৰ ভাগত অংকীয়া ভাওনা নাট পৰিৱেশন কৰা হয়। সেতুবন্ধ ২০২১ৰ চাৰিদিনীয়া কাৰ্যসূচীৰ প্ৰতিদিনাই বিভিন্ন সত্ৰীয়া সংস্কৃতিৰ অনুষ্ঠানৰ লগতে বিভিন্ন জনজাতি লোকৰ দ্বাৰা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অপূৰ্ব সৃষ্টি অংকীয়া ভাওনা প্ৰদৰ্শন কৰা হয়। এই চাৰিদিনীয়া কাৰ্যসূচীত প্ৰতিদিনাই অসমৰ ভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱ বান্ধৱসকলে অংশগ্ৰহণ কৰে।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন