অসম সাহিত্য সভাৰ যুক্তৰাজ্য শাখাৰ উদ্যোগত ৭৬ সংখ্যক শিল্পী দিৱস, ভোগালী বিহু আৰু ডঃ ভূপেন হাজৰিকাৰ শতবাৰ্ষিকী উদযাপন

0 50

মধ্য ইংলেণ্ডৰ ল্যেষ্টাৰ চহৰত ২৪ জানুৱাৰীত অসম সাহিত্য সভাৰ যুক্তৰাজ্য শাখাৰ উদ্যোগত দিনজোৰা কাৰ্য্যসূচীৰে ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী আৰু ,৭৬ সংখ্যক ভোগালী বিহু আৰু শিল্পী দিৱস পালন কৰা হয় । অনুষ্টানৰ আৰম্ভণিতে অসমৰ মহান শিল্পী ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ,কলাগুৰু বিষ্ণু ৰাভা,ডঃ ভূপেন হাজৰিকা আৰু বিগত বছৰত অসমী আইয়ে হেৰুৱা শিল্পীসকলক স্মৰণ কৰি বন্তি প্ৰজ্বলনৰে শ্ৰদ্ধাঞ্জলী অৰ্পণ কৰে। আনহাতে শাখাৰ সভানেত্ৰী গীতা বৰুৱাই ৰূপকোঁৱৰ জ‍্যোতি প্ৰসাদ আগৰৱালাৰ অসমীয়া সাহিত‍্য ,সংগীত ও বোলছৱি জগত অৱদান চমুকৈ দাঙি ধৰে। অনুষ্ঠানত উপদেষ্টা মঞ্জিৰা চৌধুৰীয়ে এটি সংস্কৃত শ্লোকেৰে অসমীয়া সংগীত জগতৰ মহানায়ক জুৱিন গাৰ্গ , অনাতাৰ শিল্পী চৈয়দ চাদুল্লা , বাঁহীবাদক দীপক শৰ্মা , সংগীত শিল্পী সমৰ হাজৰিকা আৰু বেহেলা বাদক মিনতি খাউণ্ডক স্মৰণ কৰি তেওঁলোকৰ অসমীয়া সংগীত, সাহিত‍্য আৱদানৰ পৰিষৰ উল্লেখ কৰে। প্ৰয়াত ডাঃ কৰুণা সাগৰ দাসৰ ধৰ্ম পত্নী আৰু সাহিত‍্য সভাৰ সদস্যা ৰুমী দাসৰ বিয়োগত চিৰশান্তিৰ বাবে মৌন প্ৰাৰ্থনা জনোৱা হয় । অনুষ্ঠানৰ লগত সংগতি ৰাখি ‘হে মহান শিল্পী’ শিৰোনামাৰে শিল্পী সকলক সোঁৱৰণ কৰি ভানুশ্ৰী মেধি বিজয়ে স্বৰচিত কবিতা পাঠ কৰে। প্ৰৱাসতো অসমীয়া ভোগালী বিহুক ‘অগ্নি প্ৰজ্বলন’ শ্লোক উচ্চাৰিত কৰি সভাৰ উপদেষ্টা লাহৰী বৰঠাকুৰে ভোগালী বিহুৰ বিষয়ে চমুকৈ ব্যক্ত কৰে।সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ডাঃ তৰুণ চৌধুৰীয়ে তেখেতৰ জীৱনৰ লগত ভূপেন হাজৰিকাৰ সৈতে জড়িত মধুৰ ক্ষণবোৰ উল্লেখ কৰি ভূপেন হাজৰিকাৰ এটি গীত পৰিৱেশন কৰে । বিশেষ অনুষ্ঠানত মঞ্জিৰা চৌধুৰীয়ে ডঃ ভুপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ ন-পুৰণি গীতৰ ওপৰত কুইজ আৰু অন্তাক্ষৰ প্ৰতিযোগিতা আয়োজিত কৰে।আনহাতে ডঃ ভুপেন হাজৰিকা জন্ম শতবাৰ্ষিকী উপলক্ষে আয়োজিত সাংস্কৃতিক সন্ধিয়াৰ কাৰ্যসূচীটো সভাৰ সাংস্কৃতিক সম্পাদিকা ভৱানী কাকতিৰ নেতৃত্বত পৰিৱেশিত ভূপেন দাৰ গীত মানুহে মানুহ বাবে সমবেত সংগীতেৰে শুভাৰম্ভ কৰা হয়।অনুষ্ঠানত আদ্ৰিতি কাশ্যপ , জোনাকপ্ৰিয়া দাস আৰু বৰ্নিতা দত্ত , ডাঃ ভাস্কৰ দত্তই পৰিৱেশিত ভুপেন হাজৰিকাৰ গীতে সকলোকে মন্তমুগ্ধ কৰে। নভ্যায়া কুক্ৰেজা ,বিস্তীৰ্ণা হাজৰিকা ,বহনা শইকীয়াই ক্ৰমে জুবিন গাৰ্গৰ গীত আৰু ডঃ ভূপেন হাজৰিকাৰ গীতৰ ওপৰত কৰা নৃত‍্যই দৰ্শকক মোহিত কৰে। শেষত শলাগৰ শৰাই আগবঢ়াই শাখাৰ।

Leave A Reply

Your email address will not be published.