ৰাজ্যখনৰ এগৰাকী বিশিষ্ট শিল্পী নগাঁও জিলাৰ পুৰণিগুডাম কাষৰি গাৱৰ মহেন্দ্ৰ বৰালৈ সাংস্কৃতিক মঞ্চ, অসমএ চলিত বৰ্ষৰ “বৰ্হমথুৰি শিল্পী বঁটা ২০২৬” আগবঢ়াইছে ৷ ষাঠিৰ দশকৰ মাজভাগৰ পৰা ঢোল, খোল, ভাওনাকে ধৰি চিত্ৰশিল্পৰ সাধনাত নিবিড়ভাৱে ব্ৰতি হৈ অহা বিশিষ্ট শিল্পীগৰাকীক “সাংস্কৃতিক মঞ্চ অসম”ৰ উদ্যোগত অনুষ্ঠিত সপ্তদশ লোকনৃত্য কৰ্মশালাৰ সামৰণিত দেওবাৰে মহানগৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ৰংঘৰ বাকৰিত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত এই সন্মান আগবঢ়োৱা হয় ৷ এই উপলক্ষে অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ সভাখনত “পদ্মশ্ৰী” সন্মান প্ৰাপক কলা নিৰ্দেশক নুৰুদ্দিন আহমেদ, ডাঃ হীতেশ বৰুৱা, সাংস্কৃতিক সংগঠক গোপাল জালান, শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সচিব সুদৰ্শন ঠাকুৰ,সেৱা ভাৰতী পূৰ্বাঞ্চল পালক সুৰেন্দ্ৰ তালখেড়কৰ জী, সেৱা ভাৰতী পূৰ্বাঞ্চল ক্ষেত্ৰৰ সম্পাদক বিজু দত্তকে ধৰি বিভিন্নক্ষেত্ৰৰ কেইবাগৰাকীও ব্যক্তি বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে ৷ বঁটা গ্ৰহণ কৰি দিয়া ভাষণ প্ৰসঙ্গত শিল্পীগৰাকীয়ে বিভিন্ন সমস্যাৰ মাজত ওৰেটো জীৱন শিল্প সাধনা অব্যাহত ৰখাৰ কথা উল্লেখ কৰি “বৰ্হমথুৰি বঁটা” প্ৰাপ্তিয়ে অনাগত দিনত তেওঁক নিজস্ব শিল্পসাধনা আগবঢ়াই নিয়াৰ ক্ষেত্ৰত অনুপ্ৰাণিত কৰিব বুলি উল্লেখ কৰে। উল্লেখ্য যে, সাংস্কৃতিক মঞ্চ অসমৰ উদ্যোগত অনুষ্ঠিত লোকনৃত্য কৰ্মশালাত এইবাৰ ৰাজ্যখনৰ বিভিন্ন ঠাইৰ চাৰি শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। আনহাতে সামৰণি অনুষ্ঠানত মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট সত্ৰীয়া গুৰু, নৃত্যাচাৰ্য, পদ্মভূষণ যতীন গোস্বামীয়ে ৷
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ