জালুকবাৰী বিধানসভা সমষ্টিত ২০০১ চনৰ পৰা একেৰাহে পাঁচবাৰকৈ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছত ষষ্ঠবাৰৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বিপুল ভোটৰ ব্যৱধানত জয়ী কৰাৰ বাবে কঁকালত টঙালি বান্ধিছে বিজেপি দলৰ নেতা কৰ্মীসকল । একেদৰে মিত্ৰজোটৰ অংশীদাৰী দল হিচাপে অগপ দলেও ডঃ শৰ্মাক অভিলেখ সংখ্যক ভোটৰ ব্যৱধানত জয়ী কৰাৰ লক্ষ্যৰে বিজেপি দলৰ কৰ্মীসকলৰ সৈতে যৌথভাবে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই আছে। মুখ্যমন্ত্ৰীৰ অনুৰোধত এই যৌথ নিৰ্বাচনী প্ৰচাৰ অভিযানৰ নেতৃত্ব লৈছে পশ্চিম গুৱাহাটীৰ অগপ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। এইক্ষেত্ৰত বিজেপি চৰকাৰ নিৰ্দেশনা অনুসৰি সহযোগ কৰিছে পলাশবাৰী সমষ্টিৰ বিজেপি দলৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই । সমান্তৰালভাবে মুখ্যমন্ত্ৰীৰ সহধৰ্মিনী ৰিনিকি ভূঞা শৰ্মাই মনোনয়ন পত্ৰ দাখিল পৰ্বৰ সামৰণিৰ পাছৰে পৰা দলীয় নেতা কৰ্মী সকলক লগত লৈ সমষ্টিটোৰ চুকে কোনে নিৰ্বাচনী প্ৰচাৰ অভিযান চলাই আছে। আজি দুপৰীয়াৰ পৰা সন্ধিয়ালৈ ৰিনিকি ভূঞা শৰ্মাই জালুকবাৰী থানা এলেকাৰ পাণ্ডু , মালিগাওঁ , উত্তৰ জালুকবাৰী অঞ্চলৰ বিভিন্ন অঞ্চলত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ লগত প্ৰতিটো নিৰ্বাচনী কাৰ্যালয়লৈ গৈ কৰ্মী সমৰ্থক সকলৰ সৈতে মনৰ ভাব বিনিময় কৰি তেওঁলোকক উৎসাহিত কৰে। প্ৰদৰ অভিযানত বিজেপিৰ জালুকবাৰী মণ্ডলৰ সভাপতি পিয়াল শঙ্কৰ দে, উপদেষ্টা দ্বিজেন লহকৰ , যুৱ মৰ্চাৰ সভাপতি শ্যামল ভট্টাচাৰ্য, গুৱাহাটী পৌৰ নিগমৰ জালুকবাৰীৰ পাৰিষদসকলকে ধৰি দলৰ সকলো মৰ্চাৰ কৰ্মকৰ্তাসকলে সংগ দিয়ে। আনহাতে সংবাদ মাধ্যমৰে সৈতে হোৱা চমু বাৰ্তালাপত ৰিণিকি ভূঞা সৰ্মই কয় হিমন্ত বিশ্ব শৰ্মাই বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ পাছৰে পৰা জালুকবাৰী সমষ্টিৰ সৰ্বাংগীন উন্নয়ন আৰু বিকাশৰ বাবে নিজকে সমৰ্পিত কৰিছে। আমাৰ মূল লক্ষ্য হৈছে সমষ্টিৰ ভোটাধিকাৰ থকা সকলো মানুহেই যাতে ৯ এপ্ৰিলৰ ভোট গ্ৰহণৰ দিনা ভোটাধিকাৰ সাব্যস্ত কৰি তেওঁক বিপুল ভোটৰ ব্যৱধানত বিজয়ী কৰাই পুনৰ ৰাইজক সেৱা কৰাৰ সুযোগ দিয়ে। আমি আশাবাদী এইবেলি জালুকবাৰী সমষ্টিত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি বিপুল ভোটত জয়লাভ কৰিব হিমন্ত বিশ্ব শৰ্মাই । উল্লেখ্য যে এইবেলি জালুকবাৰী বিধানসভা সমষ্টিত পূৰ্বৰ পশ্চিম গুৱাহাটীৰ পৰা নতুনকৈ পাঁচোটা ৱাৰ্ড আৰু পাঁচখন গাওঁ পঞ্চায়ত অন্তৰ্ভুক্ত হৈছে। বিগত কেইদিনত নতুনকৈ অন্তৰ্ভুক্ত হোৱা অঞ্চল সমূহতো ডঃ হিমন্ত বিশ্ব শৰ্মাৰ হৈ দিনে নিশাই প্ৰচাৰ অভিযান চলাই আহিছে ৰিনিকি ভূঞা শৰ্মাই ।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ